অসম

assam

ETV Bharat / state

অসমৰ চাৰি সাংবাদিকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ

তদন্তৰ অভিযোগক নস্যাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ !

By

Published : Apr 19, 2019, 4:59 PM IST

অসমৰ চাৰি সাংবাদিকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ

গুৱাহাটী, 19 এপ্ৰিল : সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰাৰ অপচেষ্টা কেন্দ্ৰীয় চৰকাৰৰ ৷ দেশৰ কেইবাজনো বিশিষ্ট বুদ্ধিজীৱি,সাংবাদিকৰ পাচত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ শেনচকু অসমৰ চাৰি সাংবাদিকলৈ৷

অসমৰ চাৰি সাংবাদিকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ LRO নামৰ সংস্থাটোৰ অভিযোগৰ ভিত্তিতেই ব্যক্তিগত খণ্ডৰ চেটেলাইট চেনেল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা, সাংবাদিক মনজিৎ মহন্ত আৰু সাংবাদিক আফ্ৰিদা হুছেইনৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷

অসমৰ চাৰি সাংবাদিকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ কথা বিয়পি পৰাৰ লগে-লগেই বিভিন্ন মহলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ কিন্তু এনে কোনোধৰণৰ নিৰ্দেশ প্ৰদান কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত শুকুৰবাৰে স্পষ্টীকৰণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণৰ পাচতেই এই ঘটনাই এতিয়া কোন দিশে গতি কৰে সেয়াহে হ'ব লক্ষ্যণীয় ৷

ABOUT THE AUTHOR

...view details