গুৱাহাটী, ১১ মাৰ্চ:চৰকাৰৰ বঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুনৰ প্ৰতিবাদত নামিল ৰাজ্যৰ ২৬ সহস্ৰাধিক গৃহৰক্ষী জোৱান । আইনৰ সংশোধন ঘটাই ৰাজ্যৰ কৰ্মৰত গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত গুৱাহাটীৰ চচলত বৃহস্পতিবাৰে দ্বিতীয় দিনাও প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই(Home guard Protest at Guwahati) । প্ৰতিবাদী গৃহৰক্ষী জোৱানসকলে আমাৰ দাবী মানিবই লাগিব, গৃহৰক্ষী আইন সংশোধন কৰক, সমান কামৰ বাবে সমান মজুৰি প্ৰদান কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।
চৰকাৰৰ প্ৰতাৰণাক লৈ ক্ষুব্ধ গৃহৰক্ষী জোৱানসকলে ১৯৪৭ চনৰ অসম গৃহৰক্ষী আইন সংশোধন কৰি গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী তোলে(Homeguards Demand Regularization of Their Jobs) । গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ উদ্যোগত চচলত অনুষ্ঠিত হোৱা ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ সভাপতি ৰঞ্জিত লয়িং, সম্পাদক ছাহাবুদ্দিন আহমেদে কয় যে, ১৯৪৭ চনৰ অসম গৃহৰক্ষী আইনখন ২০১৫ চনত সামান্যতম সংশোধন ঘটোৱাৰ ফলত অতীততকৈ বর্তমানতহে বেছি ভয়াৱহতাৰ ফালে গতি কৰিছে । কিয়নো অতীতৰ প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰৰ ম্যাদ ৪ বছৰ আছিল । কিন্তু সংশোধিত বিধেয়ক আইন অনুসৰি ৩ (তিনি) বছৰীয়া Assessment Board ৰ ব্যৱস্থা কৰিছে ।