অসম

assam

By

Published : Oct 6, 2021, 7:54 PM IST

ETV Bharat / state

চৰকাৰৰ প্ৰতাৰণা-প্ৰবঞ্ছনা : জংঘললৈ যোৱাৰ হংকাৰ ২৭ হেজাৰ গৃহৰক্ষী জোৱানৰ

গৃহৰক্ষী বাহিনীৰ জোবানৰ প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী । গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ চাকৰি নিয়মীয়া কৰণ নকৰিলে জংঘললৈ যোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৷

চৰকাৰৰ প্ৰতাৰণা-প্ৰবঞ্ছনাৰ বাবে জংঘললৈ যাবলৈ সাজু ২৭ হেজাৰ গৃহৰক্ষী জোৱান
চৰকাৰৰ প্ৰতাৰণা-প্ৰবঞ্ছনাৰ বাবে জংঘললৈ যাবলৈ সাজু ২৭ হেজাৰ গৃহৰক্ষী জোৱান

গুৱাহাটী, ৬ অক্টোবৰ : চৰকাৰৰ প্ৰতাৰণা-প্ৰবঞ্ছনাৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে গৃহৰক্ষী বাহিনীৰ জোৱান সকল । প্ৰাপ্য অধিকাৰৰ দাবী তুলি বুধবাৰে মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ তিনি শতাধিক গৃহৰক্ষী জোৱানে উত্তপ্ত কৰি তোলে চচলৰ আকাশ বতাহ ।

চৰকাৰৰ প্ৰতাৰণা-প্ৰবঞ্ছনাৰ বাবে জংঘললৈ যাবলৈ সাজু ২৭ হেজাৰ গৃহৰক্ষী জোৱান

এটা সময়ত প্ৰতিবাদকাৰী সকলে আনকি চচলৰ ধৰ্ণাস্থলীৰ পৰা ৰাজপথলৈ ওলাই আহি ৰাজপথ অৱৰোধ কৰাৰ লগতে দীৰ্ঘদিনীয়া নায্য প্ৰাপ্তিৰ দাবী তুলি ৰাজপথত শুই, শুই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী গৃহৰক্ষী বাহিনীৰ জোৱানসকলে গৃহৰক্ষী সকলৰ চাকৰি নিয়মীয়া কৰণ কৰক, গৃহৰক্ষী জোৱান সকলক সম কামৰ সমান দৰমহা দিয়ক, চাকৰিৰ ম্যাদ ৫৫ বছৰৰ পৰা ৬০ বছৰলৈ বৃদ্ধি কৰক, অসমৰ গৃহৰক্ষী জোৱান সকলৰ আৰক্ষী বাহিনীত 60 শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত বাতিল কৰক, অসম আৰক্ষীৰ কনিষ্টবল পদত ৫০ শতাংশ পদ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক, গৃহৰক্ষী সকলৰ অনলাইন ডিজিটেল ডেপ্লইমেণ্ট চিষ্টেম বন্ধ কৰক আদিকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত বুধবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে গৃহৰক্ষী বাহিনীৰ জোৱান সকলে ।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে গৃহৰক্ষী জোৱান সকলে, চৰকাৰে অনতিপলমে তেওঁলোকৰ দাবী সমূহ মানি নল’লে হাঠিয়াৰ লৈ জংঘলৈ যাবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে । প্ৰতিবাদৰ অন্তত দিছপুৰ থানাৰ এচিপি হিমাংশু দাসৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

উল্লেখযোগ্য যে, সম্প্ৰতি ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মৰত হৈ আছে প্ৰায় ২৭ হাজাৰ গৃহৰক্ষী জোৱান । কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগৰ চৰম অমনোযোগিতাৰ বাবে গৃহৰক্ষীৰ জোৱান সকলে মাত্ৰ ৯ হাজাৰ টকা বেতনত কাম কৰিবলগা হৈছে ।

লগতে পঢ়কঃ লখিমপুৰ খেৰীত নিহত কৃষকৰ পৰিয়ালৰ কাষত সুস্মিতা দেব

ABOUT THE AUTHOR

...view details