গুৱাহাটী, ৩১ আগষ্ট : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আছে এক কৃৰ্তিচিহ্ন । ১৯ শতিকাৰ এই কৃৰ্তিচিহ্ন অৱহেলিত হৈ পৰি আছে প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত । এই কৃৰ্তিচিহ্ন হৈছে গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত শুক্ৰেশ্বৰ মন্দিৰৰ কাষত থকা নৰ্থব্ৰুক গেট । ১৮৭৪ চনত নিৰ্মাণ কৰা হৈছিল এই গেটখন । নৰ্থ ব্ৰুক গেটখন সেই সময়ৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড নৰ্থ ব্ৰুকক আদৰিবলৈ নিৰ্মাণ কৰা হৈছিল । এই গেটখন ১৯ শতিকাৰ স্থাপত্য বিদ্যাৰ অৱশিষ্ট নিদৰ্শন হিচাপে চিহ্নিত হৈ আহিছে । ইংৰাজে এই গেটখনক গেটৱে অৱ আসাম বুলি নামাকাৰণ কৰিছিল ।
গেটখন ইংলেণ্ডৰ বিখ্যাত কলেজ কিংছ কলেজৰ তোৰণৰ আৰ্হিত নিৰ্মাণ কৰিছিল । ১৮৭৪ চনৰ ২৭ আগষ্টত নৰ্থ ব্ৰুক চাহাব কলিতাৰ পৰা জাহাজেৰে আৰ্হি গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটৰ সমীপত নামিছিল । এই গেটখনেৰে তেওঁক আদৰি আনিছিল । পিচলৈ ১৯০০ চনত লৰ্ড কাৰ্জন গুৱাহাটী ভ্ৰমণলৈ অহাৰ সময়ত তেওঁকো এই গেটেৰে আদৰি অনা হৈছিল ।
আয়তাকাৰৰ আৰ্হিৰ গেটখন ১২ টা ধেনুভিৰীয়া স্থাপত্যৰ নিদৰ্শন আছে । ধেনুভিৰীয়া স্থাপত্য নিদৰ্শন কেইটাই সমগ্ৰ গেটখনে সমতা ৰক্ষা কৰি আছে । এই বিষয় সম্পৰ্কে গুৱাহাটীৰ বিশিষ্ট নাগৰিক মছদ্দৰ হুছেইনে কয়, ‘‘নৰ্থব্ৰুক গেটৰ লগত গুৱাহাটীৰ নাগৰিকৰ এক সম্পৰ্কে আছিল । গেটখনৰ সন্মুখত এখন বজাৰ আছিলে যাক ছাগলী বজাৰ বুলি জনা গৈছিল । বজাৰখন বিখ্যাত আছিল ।’’
তেওঁ আৰু কয়, ‘‘বিশিষ্ট নাট্যকাৰ অৰুণ শৰ্মাৰ বিখ্যাত নাটক নৰ্থ ব্ৰুক গেটৰ পটভূমিত নিৰ্মিত । এবাৰ নৰ্থব্ৰুক গেটত এই নাটকখন মঞ্চস্থ কৰা হৈছিল । বহু লোকে ঐতিহাসিক গেটখনৰ বিষয়ে নাজানে । কিয়নো গেটখনৰ বিষয়ে কোনো ফলক নাই যাৰ পৰা গেটখনৰ ইতিহাসৰ বিষয়ে জানিব’’।