গুৱাহাটী,27 মাৰ্চ:গুৱাহাটী প্ৰেছ ক্লাৱত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল । উপস্থিত থাকে বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই,মনজিৎ মহন্ত, হৰেকৃষ্ণ ডেকা,আৰু উদয়াদিত্য ভৰালী ।
গুৱাহাটীত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল
বিজেপি চৰকাৰে জনসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি এইবাৰ নিৰ্বাচনত বিজেপি চৰকাৰক পৰাস্ত কৰিবলৈ সকলো একগোট হ'ব লাগে বুলি আহ্বান জনায় সন্থাটোৱে ৷
গুৱাহাটীত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল
সংবাদমেলত বিজেপি পুনৰ ক্ষমতালৈ আহিলে অসম তথা ভাৰতবৰ্ষৰ জনগণৰ চৰম দুৰ্দশা হ'ব বুলি কয় সন্থাটোৰ সদস্যই । বিজেপি চৰকাৰে জনসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি এইবাৰ নিৰ্বাচনত বিজেপি চৰকাৰক পৰাস্ত কৰিবলৈ সকলো একগোট হ'ব লাগে বুলি আহ্বান জনায় সন্থাটোৱে ৷ লগতে বিজেপিক সমৰ্থন জনোৱা যিকোনো দলকে প্ৰত্যাখ্যান কৰিবলৈও অসমৰ ভোটাৰ ৰাইজক আহ্বান জনায় নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই ।