গুৱাহাটী, 25ফেব্ৰুৱাৰী : অসমীয়া যুৱক-যুৱতী সকলক স্বাৱলম্বী কৰাৰ এক ব্যতিক্ৰমী প্ৰয়াস হিন্দু সুৰক্ষা মঞ্চৰ ৷ মঙলবাৰে দিছপুৰ প্ৰেছ ক্লাৱত প্ৰথমখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা ব্যক্ত কৰে হিন্দু সুৰক্ষা মঞ্চই । নতুনকৈ জন্মলাভ কৰা সংগঠনটোৱে মঙলবাৰে আয়োজন কৰা সংবাদমেলত গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ৰাজ্যৰ অসমীয়া নিবনুৱা যুৱক-যুৱতীক সকলক কৰ্মমুখী হিচাপে গঢ়ি তুলিবলৈ মহানগৰীত নিবনুৱা যুৱক-যুৱতী সকলক পাঁচলিৰ ব্যৱসায়ীৰ লগত জড়িত কৰাৰ উদ্দেশ্যে প্ৰদান কৰিব বজাৰ । লগতে যুৱক-যুৱতী সকলক কৃষিমুখী কৰি তোলাৰ উপৰিও হিন্দু সুৰক্ষা মঞ্চই ৰাজ্যৰ বিভিন্ন চৰ-চাপৰিত জৈৱিক পদ্ধতিৰে কৃষি কাৰ্য আৰম্ভ কৰিব বুলি সংবাদমেলত মন্তব্য কৰে হিন্দু সুৰক্ষা মঞ্চৰ সভাপতি নীলকমল হাজৰিকাই ৷
অসমীয়া যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ ব্যতিক্ৰমী প্ৰয়াস হিন্দু সুৰক্ষা মঞ্চৰ - hindu surakshya mancha press meet
অসমীয়া যুৱক-যুৱতী সকলক অন্য প্ৰকাৰে কৰ্মমুখী কৰি তুলিব হিন্দু সুৰক্ষা মঞ্চই । এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে হিন্দু সুৰক্ষা মঞ্চই ৷ মহানগৰীত অসমীয়া যুৱক-যুৱতীক লৈ আৰম্ভ হ'ব পাঁচলিৰ বজাৰ ।
অসমীয়া যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ ব্যতিক্ৰমী প্ৰয়াস হিন্দু সুৰক্ষা মঞ্চৰ
ৰাজ্যৰ সত্ৰ সমূহ বেদখলমুক্ত কৰাৰ উদ্দেশ্যে আইনী প্ৰক্ৰিয়াৰে যুঁজ দিয়াৰ লগতে নিসংগ বৃদ্ধ সকলৰ বাবে বৃদ্ধা আশ্ৰম নিৰ্মাণ কৰিব বুলিও মন্তব্য হিন্দু সুৰক্ষা মঞ্চৰ সভাপতি নীলকমল হাজৰিকাৰ । উঠি অহা প্ৰজন্মক নিচা জাতীয় সামগ্ৰীৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেও সংগ্ৰাম চলাই যাব বুলি জানিবলৈ দিয়ে হিন্দু সুৰক্ষা মঞ্চৰ সভাপতিয়ে ৷ ৰাষ্ট্ৰ বিৰোধী শক্তিৰ বিৰুদ্ধেও মঞ্চই যুঁজি যাব বুলি জানিবলৈ দিয়ে মঞ্চৰ সভাপতি গৰাকীয়ে ।