গুৱাহাটী,9 মে:মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিচত শনিবাৰে এনডিএৰ প্ৰথমখন বৈঠকত ভাগ লৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, সৰ্বানন্দ সোণোৱালৰ বিগত পাঁচ বছৰীয়া শাসনকাল আছিল মূল্যবোধৰ ৰাজনীতিৰ কাৰ্যকাল । চন্দ্ৰত দাগ থাকিলেও সোণোৱালৰ বিগত পাঁচ বছৰীয়া চৰকাৰখনত কোনো দাগ নাই । সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল, এতিয়াও আমাৰ নেতা আৰু ভৱিষ্যতেও আমাৰ নেতা হৈ থাকিব বুলি উল্লেখ কৰে ড৹ শৰ্মাই ।
উল্লেখযোগ্য যে, বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছতে ড৹ শৰ্মাই শনিবাৰে এনডিএৰ এখন বৈঠকত ভাগ লয়, য’ত উপস্থিত থাকে এনডিএৰ অংশীদাৰ দল অগপ আৰু ইউ পি পি এলৰ নেতৃবৃন্দও । এই সভাতেই মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰায় ১৫ মিনিটজুৰি প্ৰথমটো ভাষণ দিয়ে ড৹ শৰ্মাই ।