অসম

assam

ETV Bharat / state

পাণ্ডুত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক’ভিড প্ৰটক’ল ভংগ

শনিবাৰৰ পৰাই নিজ নিজ সমষ্টিৰ পূজা মণ্ডপে মণ্ডপে ভ্ৰমণ কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰেও পাণ্ডুত উপস্থিত হয় মন্ত্ৰীগৰাকী। মহানগৰীৰ পাণ্ডু ৰেষ্টকেম্প কালীবাৰীত মন্ত্ৰীগৰাকীয়ে নিজেই ভংগ কৰিলে ক'ভিড প্ৰটক’ল। হাজাৰ হাজাৰ লোকৰ মাজত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰীগৰাকীৰ লগত চেল্ফি তুলিবলৈ পূজাস্থলীত ভিৰ জনতাৰ। যত সামজিক দূৰত্বটো বাদেই একাংশ লোকৰ মুখত নাছিল মাস্ক।

By

Published : Oct 25, 2020, 9:50 PM IST

himanta broke covid protocol at pandu
পাণ্ডুত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক’ভিড প্ৰটক’ল ভংগ

গুৱাহাটী,25 অক্টোবৰঃ দেশৰ লগতে ৰাজ্যতো কৰ'ণাৰ গতি এতিয়ালৈ স্তব্ধ হোৱা নাই । যাৰ বাবে স্বাস্থ্য বিভাগে সময়ে সময়ে দি আহিছে বিভিন্ন নীতি-নিৰ্দেশনা। শেহতীয়াকৈ দুৰ্গা পূজা উপলক্ষে অসম চৰকাৰে জাৰি কৰিছিল গাইডলাইন। সংবাদমেল পাতি বিভিন্ন সময়ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক দুৰত্ব, মাস্ক পৰিধান কৰিবলৈ ৰাইজক আহ্বান জনাই আহিছে। কিন্তু এইবাৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভৰিৰে মোহাৰিলে ক'ভিড প্ৰটক’ল।

পাণ্ডুত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক’ভিড প্ৰটক’ল ভংগ

শনিবাৰৰ পৰাই নিজ নিজ সমষ্টিৰ পূজা মণ্ডপে মণ্ডপে ভ্ৰমণ কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰেও পাণ্ডুত উপস্থিত হয় মন্ত্ৰীগৰাকী। মহানগৰীৰ পাণ্ডু ৰেষ্টকেম্প কালীবাৰীত মন্ত্ৰীগৰাকীয়ে নিজেই ভংগ কৰিলে ক'ভিড প্ৰটক’ল। হাজাৰ হাজাৰ লোকৰ মাজত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰীগৰাকীৰ লগত চেল্ফি তুলিবলৈ পূজাস্থলীত ভিৰ জনতাৰ। যত সামজিক দূৰত্বটো বাদেই একাংশ লোকৰ মুখত নাছিল মাস্ক। মুঠৰ ওপৰত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় পূজাস্থলীত।

অৱশ্যে এই সন্দৰ্ভত সাংবাদিকে এক প্ৰশ্ন কৰাত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টিকৰণ আগবঢ়ায়। মন্ত্ৰী ড০ শৰ্মাই ক'লে, "পূজা বুলি ক'লে পাণ্ডু-মালিগাঁৱত এক সুকীয়া পৰিবেশে বিৰাজ কৰে। ৰাইজে এইবাৰ যিমান পাৰে ক'ভিড প্ৰটক’ল মানিবলৈ চেষ্টা কৰিছে। কিন্তু কিছু কিছু সময়ত ৰাইজে পাহৰি যায়।" এতিয়া আপুনিয়ে ভাৱক, নিয়ম প্ৰস্তুতকাৰীৰ মুখতে যেতিয়া এনে গা এৰা মন্তব্য হয়, তেন্তে নিয়ম কোনে মানি চলিব !

লগতে পঢ়কঃ প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱক চিকিৎসায়ৰ পৰা অব্যাহতি

ABOUT THE AUTHOR

...view details