গুৱাহাটী, 17 নৱেম্বৰ :অসম ৰাইফলছৰ শ্বহীদ জোৱান সুমন স্বৰ্গিয়াৰীৰ পৰিয়ালক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদাণ কৰিলে 50 লাখ টকাৰ এককালীন সাহাৰ্য ৷ বুধবাৰে শ্বহীদ জোৱান সুমন স্বৰ্গিয়াৰীৰ বাক্সা জিলাৰ থেকেৰাকুছি কাঁহিবাৰী বাসগৃহত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী ৷
উপস্থিত হোৱাৰ পাচতে শ্বহীদ গৰাকীৰ ফটোৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পাচতে মুখ্যমন্ত্ৰী শৰ্মাই সুমন স্বৰ্গিয়াৰীৰ পৰিয়ালক সাক্ষাৎ কৰি বাৰ্তালাপ কৰাৰ লগতে সমবেদনা জ্ঞাপন কৰে ৷
শ্বহীদ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰাৰ সময়তে মুখ্যমন্ত্ৰীয়ে শ্বহীদ গৰাকীৰ নিকটাত্মীয়ৰ হাতত 50 লাখ টকাৰ এককালীন সাহাৰ্যৰ চেক প্ৰদান কৰে ৷ উল্লেখ্য যে, 13 নৱেম্বৰত মণিপুৰৰ চাৰাচান্দপুৰ জিলাত সংঘটিত উগ্ৰপন্থীৰ এক অতৰ্কিত আক্ৰমণত শ্বহীদ বৰণ কৰিছিল সুমন স্বৰ্গিয়াৰীয়ে ৷