অসম

assam

ETV Bharat / state

কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে ৰাজ্য চৰকাৰৰ পঞ্চম কেবিনেটে ? - assam higher secondary final exam

ৰাজ্যত আৰু চাৰিটা ফৰেনচিক বিজ্ঞানাগাৰ স্থাপন কৰা হ’ব । সমাজ কল্যাণ বিভাগৰ ‘পৰিপূৰক পুষ্টি আঁচনি’খনৰ অধীনত ক্ৰয় কৰা চাউল ভাৰতীয় খাদ্য নিগমৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰা হ'ব । ইয়াৰ ফলত প্ৰায় ৫০ কোটি টকা ৰাহি হ'ব । প্ৰচলিত ব্যৱস্থা অনুসৰি হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাটো বৰ্তমান সময়ত সম্ভৱ নহয় । ১৮ জুনত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত ।

Himanta Biswa Sarma 5th Cabinet Meeting
হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

By

Published : Jun 16, 2021, 6:12 PM IST

গুৱাহাটী, ১৬ জুন : বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ পঞ্চমখন কেবিনেট বৈঠক বুধবাৰে অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনৰ কনফাৰেন্স হলত অনুষ্ঠিত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে চাৰিগৰাকী মন্ত্ৰী ক্ৰমে পীযুষ হাজৰিকা, অজন্ত নেওগ, ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্তই । বিশেষকৈ কেবিনেটৰ চাৰিটা সিদ্ধান্তৰ বিষয়ে সদৰি কৰে মন্ত্ৰীকেইগৰাকীয়ে ।

সংবাদমেলত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, ‘ৰাজ্যত আৰু চাৰিটা ফৰেনচিক বিজ্ঞানাগাৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে । বৰ্তমান ৰাজ্যত মাত্ৰ এটাহে ফৰেনচিক বিজ্ঞানাগাৰ আছে । ফৰেনচিকৰ প্ৰতিবেদন সময়মতে নোপোৱাৰ বাবেই দোষী সাৰি যাবলৈ সক্ষম হয় । এই ফৰেনচিক বিজ্ঞানাগাৰসমূহ শিলচৰ মেডিকেল কলেজ, ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ , তেজপুৰ মেডিকেল কলেজ আৰু বঙাইগাঁৱৰ চিভিল হাস্পাতালত নিৰ্মাণ কৰা হ’ব । ইয়াৰ বাবে স্বাস্থ্য বিভাগে দুই হাজাৰ বৰ্গ ফুটৰ ঠাই দিব ।'

আনহাতে মন্ত্ৰী অজন্তা নেওগে কয় যে, ‘শিশু আৰু গৰ্ভৱতী মহিলাৰ পৰিপুষ্টিৰ বাবে সমাজ কল্যাণ বিভাগে ৰূপায়ন কৰা "পৰিপূৰক পুষ্টি আঁচনি"খন অধিক গতিশীল কৰি তুলিবলৈ এই আঁচনিৰ অধীনত ক্ৰয় কৰা চাউল ভাৰতীয় খাদ্য নিগমৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত লয় । ইয়াৰ ফলত চৰকাৰী ধনৰ ৰাহি হোৱাৰ লগতে সেই ধনেৰে অন্যান্য পুষ্টিকৰ সামগ্ৰী ক্ৰয় কৰি যোগান ধৰা হ'ব । বছৰি ইয়াৰ দ্বাৰা ৫০ কোটি টকা ৰাহি হ'ব । আনহাতে বছৰি প্ৰায় ৯০ হাজাৰ মেট্ৰিক টন চাউলৰ প্ৰয়োজন হয় । তদুপৰি এতিয়াৰে পৰা এই আঁচনিখনৰ ৰূপায়নত চিলিং ব্যৱস্থা প্ৰযোজ্য নহ'ব ।

সংবাদমেলত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, ‘আজিৰ কেবিনেটে ৰাজ্যত নতুনকৈ প্ৰতিষ্ঠা কৰা ৫ খন বিশ্ববিদ্যালয় ক্ৰমে নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়, বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, গোলাঘাটৰ সতী সাধনী বিশ্ববিদ্যালয় আৰু হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ "বিধি"ত অনুমোদন জনায় । ইয়াৰ ফলত এতিয়াৰে পৰা বিশ্ববিদ্যালয়কেইখনে বিভিন্ন পৰিষদসমূহ গঠন কৰাৰ লগতে শৈক্ষিক কাৰ্যসূচী সুচাৰুৰূপে চলাই নিব পাৰিব ।'

আনহাতে পৰীক্ষা সন্দৰ্ভত কেবিনেটত হোৱা আলোচনাৰ প্ৰসংগত মন্ত্ৰী কেশৱ মহন্তই কয় যে, ‘আজিৰ কেবিনেটে সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ বিতং পৰ্যালোচনাৰ অন্তত সিদ্ধান্ত লয় যে প্ৰচলিত ব্যৱস্থা অনুসৰি হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যিমক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাটো বৰ্তমান সময়ত সম্ভৱ নহয় । সেয়েহে ১৮ জুনত শিক্ষা বিভাগে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনাৰ মাধ্যমেৰে এই সংক্ৰান্তত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ।' মন্ত্ৰী মহন্তই লগতে কয় যে, ‘সাম্প্ৰতিক ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ কেবিনেটে সুকীয়া শৌচাগাৰ আৰু সুকীয়া কোঠাৰ ব্যৱস্থা নথকা ক'ভিড প'জিটিভ লোকক হোম আইচলেশ্যন প্ৰদান নকৰিবলৈ সিদ্ধান্ত লয় । স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে এই সিদ্ধান্ত কঠোৰভাৱে বলবৎ কৰিব লাগিব । তেনে লোক হাস্পতাল নাইবা ক'ভিড কেয়াৰ চেণ্টাৰত থাকিব লাগিব ।'

লগতে পঢ়ক :দলৰ সংকট: এআইচিচিৰ সম্পাদক ভূপেন বৰাই কি ক'লে ইটিভি ভাৰতক

ABOUT THE AUTHOR

...view details