গুৱাহাটী, ৯ আগষ্ট : অসমৰ গৃহৰক্ষী জোৱানলৈ আহিছে ভাল খবৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ গৃহৰক্ষী জোৱানৰ ভাট্টা বৃদ্ধি কৰাৰ নিৰ্দেশ । এতিয়াৰ পৰা অসমৰ গৃহৰক্ষী জোৱানলৈ ৯ হাজাৰ টকাৰ পৰিৱৰ্তে মাহিলী ভাট্টা ২৩ হাজাৰ টকা কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ (High Court orders hike in wages of Assam Home Guards)। উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ীয়ে সোমবাৰে এই নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ।
অহা ৩০ দিনৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ ৰায়টো কাৰ্যকৰী কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত দেশৰ ২৩ খন ৰাজ্যই কাৰ্যকৰী কৰিছে এই নীতি । এতিয়া অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত অসমৰ গৃহৰক্ষী জোৱানলৈ ৯ হাজাৰ টকাৰ পৰিৱৰ্তে মাহিলী ভাট্টা ২৩ হাজাৰ টকা কৰাৰ কি ব্যৱস্থা কৰে, সেয়া সময়হে ক’ব ।
ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ যুটীয়া সম্পাদক ইক্ৰাম আলীয়ে কয় যে, বহু বছৰ ধৰি অসমৰ গৃহৰক্ষী জোৱানসকলে মাহিলী ভাট্টা বৃদ্ধিৰ দাবীত আন্দোলন কৰি আহিছে । অসমৰ গৃহৰক্ষী জোৱানসকলে মাহিলী ভাট্টা বৃদ্ধিৰ দাবীত চৰকাৰৰ লগত বহু বাৰ আলোচনাত মিলিত হৈছে ।