সংবিধান দিৱসৰ দিনটোত ETV ভাৰতৰ সৈতে বৰেণ্য বাওপন্থী ৰাজনীতিক হেমেন দাস
আজি ২৬ নৱেম্বৰ । ভাৰতবৰ্ষৰ সংবিধান গৃহিত হোৱা ৭০ বছৰ সম্পূৰ্ণ হ'ল । ১৯৪৯ চনৰ আজিৰ দিনটোতে গৃহিত হৈছিল ভাৰতবৰ্ষৰ সংবিধান । বহু হেপাঁহ, বহু আকাংক্ষা বুকুত বান্ধি সেইসময়ৰ দেশৰ প্ৰাত:স্মৰণীয় ৰাজনীতিক সকলে আকোৱালি লৈছিল দেশৰ সংবিধানক ।
গুৱাহাটী, ২৬ নৱেম্বৰ: বৃটিছ শাসনৰ পৰা মুক্ত হৈছিল ভাৰতবৰ্ষ । সংবিধান সভাই সাজু কৰি উলিওৱা ভাৰতবৰ্ষৰ সংবিধানে আজিৰ দিনটোতে স্বীকৃতি লাভ কৰিছিল । কিন্তু আজি ৭০ টা বছৰ পিছলৈ ঘুৰি চাই আশাহত হৈছে নেকি দেশৰ বহু বৰেণ্য-প্ৰবীণ ৰাজনীতিক ?
আজিৰ এই বিশেষ ক্ষণত ই টিভি ভাৰতৰ সৈতে আছে বৰ্ষীয়ান বাওপন্থী নেতা, প্ৰাক্তন বিধায়ক হেমেন দাস । ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ৭০ বছৰ পূৰ্বৰ আজিৰ এই দিনটোক কিদৰে সুৱৰিলে এইগৰাকী প্ৰবীণ ৰাজনীতিবিদে । চাওক এই বিশেষ সাক্ষাৎকাৰ -