গুৱাহাটী, 19 ছেপ্তেম্বৰঃমহানগৰী গুৱাহাটীৰ খাৰঘূলীৰ ইছলামপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এজন যুৱকৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ অঞ্চলটো ৷ জানিব পৰা মতে, যোৱা 12 ছেপ্তেম্বৰত নিজ কৰ্মস্থলীৰ পৰা নিশা ঘৰলৈ আহি থাকোঁতে নিজামুদ্দিন আলী নামৰ যুৱকজনক বাটতে আগভেতি ধৰে খাৰঘূলী মালি বাগানৰ তিনি যুৱক ক্ৰমে মণি দাস, ৰাজীৱ দাস আৰু ৰূপম দাসে ৷ ইয়াৰ পাছতে পল্টন বজাৰৰ এখন হোটেলৰ কৰ্মচাৰী নিজামুদ্দিনক যুৱক তিনিজনে ধন বিচাৰি নিৰ্মমভাৱে প্ৰহাৰ কৰি ৰাজপথতে পেলাই থৈ যায় ৷
ইপিনে, তিনি যুৱকৰ দলৱদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা নিজামুদ্দিনক ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছত মূৰ্মুষ অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত ভৰ্তি কৰে ৷ কিন্তু চিকিৎসাধীন কৰোৱাৰে পৰা ক'মাত থকা নিজামুদ্দিনে ঘটনা সংঘটিত হোৱাৰ ৮ দিনৰ পিছত মৃত্যুক সাৱটি লয় ৷