অসম

assam

ETV Bharat / state

ভেকচিন নোলাৱাকৈ কাৰ্যালয়লৈ গ’লে চাকৰি হেৰুৱাব পাৰে আপুনি - স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ভেকচিনৰ প্ৰসংগত কঠোৰ স্থিতিত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত । চৰকাৰী কৰ্মচাৰীয়ে ভেকচিন নোলোৱাকৈ অফিচলৈ গ’লে হেৰুৱাব পাৰে চাকৰি ৷

health minister of assam being strict on vaccination
ভেকচিন নোলাৱাকৈ কাৰ্যালয়লৈ গ’লে চাকৰি হেৰুৱাব পাৰে আপুনি

By

Published : Sep 4, 2021, 3:09 PM IST

গুৱাহাটী,৪ ছেপ্তেম্বৰ : ক'ভিড ভেকচিন গ্ৰহণক লৈ কঠোৰ হৈছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি ভেকচিন নোলোৱাকৈ কাৰ্যালয়লৈ কোনো কৰ্মচাৰী যাব নোৱাৰিব । কৰ্মচাৰীসকলে ভেকচিন নোলোৱাৰ অজুহাতত কাৰ্যালয়লৈ নাহিলে বৰ্খাস্ত কৰাৰো নিৰ্দেশ দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

মন্ত্রীগৰাকীয়ে উল্লেখ কৰা মতে, চৰকাৰী কৰ্মচাৰীয়ে যদি ভেকচিন নোলোৱাকৈ অফিচলৈ যায় তেনেহ’লে শাস্তিৰ সন্মুখীন হ'ব লাগিব। যদিহে ভেকচিন নোলোৱাৰ বাবে অফিচ আহিব নোৱাৰাৰ অজুহাত দেখুৱায়, তেনেহ’লে তেওঁৰ দৰমহা কৰ্তন কৰাৰ লগতে শাস্তি দিয়া হ’ব । পৰ্যাপ্ত ভেকচিন মজুত থকাৰ পিছতো একাংশ কৰ্মচাৰীয়ে ভেকচিন গ্ৰহণ নকৰাৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ।

একেদৰে ব্যৱসায়ীৰ ক্ষেত্ৰতো ভেকচিন নোলোৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে খুলিব নোৱাৰিব ব্যৱসায়ীক প্ৰতিষ্ঠান । এই নিৰ্দেশ নামানি প্ৰতিষ্ঠান খুলিলে জিলা উপায়ুক্তই গঠন কৰি দিয়া দলে তৎক্ষণিকভাৱে ছীল কৰিব তেনে ব্যৱসায়িক প্ৰতিষ্ঠান । ইয়াৰ বাবে জিলা উপায়ুক্ত সকলক ক্ষমতা দিয়া হৈছে ।

এই নিয়ম নামানিলে এনে প্ৰতিষ্ঠান তাৎক্ষণিকভাৱে বন্ধ কৰা হ'ব । আনহাতে সকলো চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠানৰ সন্মুখত থাকিব লাগিব ক'ভিড ভেকচিন লোৱাৰ নিজা ঘোষণা। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে, চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ সকলোৱে ভেকচিন লোৱাটো সোমাবাৰৰ ভিতৰত নিশ্চিত কৰিব লাগিব ।

ইয়াৰ তদাৰকৰ বাবে প্ৰত্যেকজন জিলা উপায়ুক্তক দায়িত্ব দিয়া হৈছে । ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহৰ দুৱাৰমুখত ভেকচিনেটেড বুলি বেনাৰ আঁৰি থোৱাটোও বাধ্যতামূলক কৰা হৈছে । চৰকাৰী তথ্য মতে ৰাজ্যত বৰ্তমান পৰ্যাপ্ত ভেকচিন মজুত আছে আৰু সম্প্ৰতি ২৫ লাখ ভেকচিন জমা আছে ।

লগতে পঢ়ক :ত্ৰিপুৰাত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব ব্ৰাজিল সাংস্কৃতিক মহোৎসৱ

ABOUT THE AUTHOR

...view details