গুৱাহাটী, ১১ আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে জনতা ভৱনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বৈঠকত বিভাগীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Health and Family Welfare Dept meeting) । বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সম্পূৰ্ণ ডিজিটেল কৰা হ’ব (Birth & death registration to be made completely digital) আৰু জন্মৰ ক্ষেত্ৰত ডিচাৰ্জৰ সময়ত অভিভাৱক আৰু মৃত্যুৰ ক্ষেত্ৰত নিকটাত্মীয়ক প্ৰমাণ পত্ৰ দিব লাগিব (Certificates to be issued to parents) ।
ৰাজ্যখনত অক্টোবৰৰ পৰা মাৰ্চলৈকে তিনিটা বৃহৎ প্ৰতিষেধক অভিযান আৰম্ভ কৰা হ’ব । যাতে বাদ পৰি যোৱা লোকসকলক নিয়মীয়া প্ৰতিষেধক প্ৰদান কৰা হয় । অসমত কেইবাগৰাকীও ‘ব্ৰেইন ডেড’ ৰোগীৰ উপলব্ধতাৰ প্ৰতি লক্ষ্য ৰাখি অংগ সংস্থাপনৰ সুবিধাৰ বাবে ৰাজ্যত এক শক্তিশালী অংগ সংস্থাপন নেটৱৰ্ক ব্যৱস্থা গঢ়ি তোলাৰ সিদ্ধান্ত বৈঠকত গ্ৰহণ কৰা হয় । ৰাজ্যখনত বিশেষকৈ চাহ বাগিচাপ্ৰধান অঞ্চলসমূহত স্বেচ্ছামূলক ৰক্তদানৰ বাবে ৰাইজক অনুপ্ৰাণিত কৰি সেই অঞ্চলসমূহত মাতৃৰ মৃত্যুৰ হাৰ ৰোধ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰা হয় ।
এন এইচ এমৰ উদ্যোগত এহাজাৰ স্বেচ্ছাসেৱকৰে তিনিদিনীয়া স্বাস্থ্য উৎসৱৰ আয়োজন কৰা হ’ব । যাৰ ভিতৰত ৫০০ গৰাকী স্বাস্থ্য খণ্ডৰ আৰু ৫০০ গৰাকী অন্যান্য ক্ষেত্ৰৰ স্বেচ্ছাসেৱক থাকিব । বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্যত কমেও ৫ টা এন এইচ এমৰ আঞ্চলিক কাৰ্যালয় অসম প্ৰশাসনিক বিষয়াৰ নেতৃত্বত স্থাপন কৰা হ’ব ।