অসম

assam

ETV Bharat / state

হাৱালাৰ ধন আত্মসাৎ: এইবাৰ জালত পৰিল আৰক্ষী-সাংবাদিক - হাৱালা চক্ৰ

প্ৰসংগ: আঠগাঁৱৰ হাৱালাৰ ধন আত্মসাৎ ৷ হাৱালাৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ ভৰলু আৰক্ষী থানাৰ SI মোবাৰক আলী, অনুৰাগ বৰা আৰু সাংবাদিক তফিকউদ্দিন আহমেদ।

Hawala Money scam
আৰক্ষী-সাংবাদিকৰ পৰা 28 লাখ 70 হাজাৰ টকা জব্দ

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 2:25 PM IST

Updated : Nov 30, 2023, 3:28 PM IST

গুৱাহাটী, 30 নৱেম্বৰ :হাৱালাৰ ধন আত্মসাৎ কৰি গুৱাহাটীত গ্ৰেপ্তাৰ হৈছে আৰক্ষী-সাংবাদিক। বৃহস্পতিবাৰে আঠগাঁৱত হাৱালাৰ ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ভৰলু থানাৰ SI মোবাৰক আলী, SI অনুৰাগ বৰা, সাংবাদিক তফিকউদ্দিন আহমেদ আৰু আৰক্ষীক তথ্য যোগানকাৰী এগৰাকী লোক ।

আৰক্ষীয়ে চাৰিওৰে পৰা ইতিমধ্যে 28 লাখ 70 হাজাৰ টকা জব্দ কৰিছে। চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা আৰক্ষীয়ে অভিযান চলাইছিল হাৱালা চক্ৰৰ বিৰুদ্ধে।

আৰক্ষীয়ে এই অভিযানত 1 কোটি 69 লাখ 70 হাজাৰ জব্দ কৰিছিল হাৱালা চক্ৰটোৰ পৰা ৷ ৰাজস্থানৰ দুজন লোকৰ পৰা জব্দ কৰা হৈছিল ধনখিনি। দুয়োজন হাৱালা চক্ৰৰ সদস্য আছিল বুলি পৰৱৰ্তী সময়ত জানিবলৈ পৰা গৈছিল ৷ আঠগাঁৱৰ এটা ভাৰাঘৰৰ পৰা জব্দ হৈছিল কোটি টকাৰ ধন । অভিযোগ অনুসৰি, আৰক্ষীৰ অভিযানকালতে SI আৰু সাংবাদিকগৰাকীয়ে মিলি আৰক্ষীয়ে জব্দ কৰাৰ পূৰ্বেই আত্মসাৎ কৰিছিল এই বৃহৎ ধন ৷

উল্লেখ্য যে, বিগত 22 নৱেম্বৰত আঠগাঁৱৰ এম এছ ৰোডৰ জমিৰ আহমেদৰ ঘৰত ভৰলু আৰক্ষীৰ সহযোগত আয়কৰ বিভাগে অভিযান চলাইছিল। আৰক্ষী অভিযানত হাৱালাৰ ধনসহ আৰক্ষীৰ জালত পৰিছিল দুজন। যুৱক দুজনে দীৰ্ঘদিনে গুৱাহাটীত বাহৰ পাতি চলাই আহিছিল হাৱালা চক্ৰটো।

বহিঃৰাজ্যৰ যুৱক দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ ধন। কিন্তু জব্দ কৰা ধনখিনি ক’ৰ পৰা কেনেকৈ আহিছে কোনো তথ্য দিব পৰা নাছিল ধৃত যুৱক দুজনে। এই ঘটনাৰ লগত আৰু লোক জড়িত থকাৰ কথা সন্দেহ কৰিছিল আৰক্ষীয়ে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্তত সাংবাদিক আৰু আৰক্ষী উপ-পৰিদৰ্শকে এই চক্ৰটোক ৰক্ষণাবেক্ষণ দিয়াৰ নামত প্ৰায় 29 লাখ টকা লোৱাৰ তথ্য লাভ কৰে ৷

লগতে পঢ়ক:ধন দাবীৰ অভিযোগত অ’চিসহ চাৰি আৰক্ষীৰ ৰিজার্ভ ক্ল’জ

Last Updated : Nov 30, 2023, 3:28 PM IST

ABOUT THE AUTHOR

...view details