গুৱাহাটী, ১৩ জানুৱাৰী :মহামাৰী ক'ভিডৰ জটিল পৰিৱেশ আৰু আতংকময় পৰিস্থিতিৰ মাজতে অসমীয়াই অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুক আদৰিবলৈ সাজু হৈছে । উৰুকা উপলক্ষ্যে বৃহস্পতিবাৰে ৰাজ্যৰ লগতে গুৱাহাটীৰ বজাৰতো উথপথপ পৰিৱেশ (Hasty atmosphere in uruka market in Guwahati)। গুৱাহাটীৰ অন্যতম পুৰণি তথা বৃহৎ মাছৰ বজাৰ উজানবজাৰৰ মাছৰ বজাৰত বিধে বিধে মাছ দেখিবলৈ পোৱা গৈছে । ক'ভিড পৰিস্থিতিৰ বাবে এইবছৰ প্ৰথমবাৰৰ বাবে উজানবজাৰৰ লুইতৰ বালি চাপৰিত মাছৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ।
পূৰ্বতে উজানবজাৰৰ মাছৰ বজাৰতে উৰুকাৰ মাছৰ বজাৰ বহিছিল । নিশা বৰষুণ অহাৰ বাবে লুইতৰ পাৰত পানী জমা হোৱাৰ বাবে পুৱা পলমকৈ অৰ্থাৎ পুৱা ৬ বজাৰ পৰা মাছৰ বিক্ৰী আৰম্ভ কৰা হৈছে । গুৱাহাটীৰ লগতে মৰিগাঁও, বৰপেটা, হাজো, তেজপুৰ, মঙলদৈ, নগাঁও, বৰপেটা, চেঙা, মুকালমুৱাকে ধৰি বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকলে উজানবজাৰৰ মাছৰ বজাৰত মাছ বিক্ৰী কৰা দেখা গৈছে ।
মাছ ব্যৱসায়ীসকলে বুধবাৰৰ নিশায়ে বিভিন্ন ঠাইৰ পৰা উজানবজাৰত মাছ বিভিন্ন বাহনেৰে লৈ আহিছিল বুলি মাছ ব্যৱসায়ীসকলে জনায় । পুৱাৰে পৰা মাছৰ বজাৰত বিৰ দি বাট নোপোৱা অৱস্থা । উজানবজাৰৰ উৰুকাৰ বজাৰত প্ৰায় ৮০ টন মাছ বিক্ৰী হোৱা বুলি উজানবজাৰৰ মৎস্য ব্যৱসায়ী সন্থাই জনায় ।