গুৱাহাটী, 17 অক্টোবৰঃ দেশৰ অন্য ৰাজ্যৰ বিপৰীতে অসমৰ হজযাত্ৰীয়ে আদায় দি আহিছে অতিৰিক্ত বিমান ভাড়া। কেন্দ্ৰীয় হজ কমিটীয়ে অসমৰ হজযাত্ৰীৰ পৰা হজযাত্ৰাৰ বাবে সংগ্ৰহ কৰি আহিছে অতিৰিক্ত ৫০ হাজাৰকৈ টকা ।
হজযাত্ৰাক লৈ কেন্দ্ৰীয় হজ কমিটীৰ ছিণ্ডিকেট লগতে পঢ়কঃ হিমাচলৰ পাহাৰীয়া নদীত উটি গ'ল গুৱাহাটীৰ যুৱতী
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰতি বছৰে পবিত্ৰ হজৰ বাবে মক্কা আৰু মদিনালৈ যাত্ৰা কৰি আহিছে । অসমৰ হজযাত্ৰী সকলৰ বাবে ৰাজ্যিক হজ কমিটী থকাৰ বিপৰীতে সমগ্ৰ দেশৰ হজযাত্ৰা পৰিচালনা কৰাৰ বাবে আছে কেন্দ্ৰীয় হজ কমিটী ।
লগতে পঢ়কঃ বৰপেটাত আটক ম'ষ্ট ৱান্টেড জেহাদী
কেন্দ্ৰীয় হজ কমিটীয়ে হজযাত্ৰীসকলৰ পৰা বিমান ভাড়াৰ নামৰ আদায় কৰা ধন দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ ক্ষেত্ৰত অধিক হোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে । দিল্লী,বিহাৰ,মুম্বাই,উত্তৰ প্ৰদেশৰ লগতে অন্য ৰাজ্যৰ হজযাত্ৰী সকলে হজ যাত্ৰাৰ বাবে ৫০ হাজাৰ টকাকৈ বিমান ভাড়া আদায় দি আহিছে ৷ ইয়াৰ পৰিৱৰ্তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হজযাত্ৰী সকলে আদায় দি আহিছে ১ লাখ ১২ হাজাৰ টকা। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হজযাত্ৰী সকলৰ পৰা কেন্দ্ৰীয় হজ কমিটীয়ে অন্যায়ভাৱে অতিৰিক্ত বিমান ভাড়া আদায় কৰাৰ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে। গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হজযাত্ৰী সকলৰ ওপৰত আৰোপিত অতিৰিক্ত বিমান ভাড়া প্ৰত্যাহাৰ কৰি সকলো ৰাজ্যৰ হজযাত্ৰীৰ পৰা সমপৰিমাণৰ ভাড়া আদায় কৰাৰ দাবী জনাইছে।
ঘটনা সন্দৰ্ভত সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ব্যক্তিগত প্ৰধান সচিবক এখন স্মাৰকপত্ৰও প্ৰদান কৰিছে । ঘটনা সন্দৰ্ভত চৰকাৰে শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিষদে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ।