অসম

assam

ETV Bharat / state

কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই দুৰ্বৃত্তই হত্যা কৰিলে তৰুণ ডেকাক

বেলতলাত বৃদ্ধ দম্পতীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঢৌ মাৰ নাযাওতেই পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়াৱহ হত্যাকাণ্ড ৷ কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই দুৰ্বৃত্তই হত্যা কৰিলে এজন লোকক ।

By

Published : Nov 6, 2021, 8:21 PM IST

guwhati-has-turned-into-crime-city-goons-killed-a-person-with-wood
কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই দুৰ্বৃত্তই হত্যা কৰিলে তৰুণ ডেকাক

গুৱাহাটী, ৬ নৱেম্বৰ : মহানগৰীৰ বেলতলাত বৃদ্ধ দম্পতীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাৰ ঢৌ মাৰ নাযাওতেই মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক হত্যাকাণ্ড । এই হত্যাকাণ্ড সংঘটিত হৈছে মালিগাঁও চাৰিআলিত । শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই দুৰ্বৃত্তই হত্যা কৰিলে এজন লোকক । মৃত লোকজনৰ নাম তৰুণ ডেকা বুলি জানিব পৰা গৈছে ।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ,মালিগাঁও চাৰিআলিত থকা ভৰালী কম্পেলক্সত এই ঘটনা সংঘটিত হৈছে । তৰুণ ডেকা নামৰ লোকজনে বিগত প্ৰায় ৩৬ বছৰ ধৰি ভৰালী কমপ্লেক্সত চকীদাৰ হিচাপে কৰ্মৰত আছিল । শনিবাৰে পুৱা প্ৰায় ৮.৪০ বজাত ভৰালী কমপ্লেক্সৰ ভূমি মহলাৰ কৰিডৰত মৃত অৱস্থাত লোকজনক উদ্ধাৰ কৰা হয় ।

মৃতদেহ উদ্ধাৰ কৰি জি এম চি এইছত মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে । ইপিনে, এই হত্যাকাণ্ডটো পৰিকল্পিত হত্যাকাণ্ড নহয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । অজ্ঞাত কাৰণত হোৱা কাজিয়াৰ সূত্ৰপাতৰ ফলত লোকজনক হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

এই সমগ্ৰ হত্যাকাণ্ডৰ ঘটনা ক্লজ চাৰ্কিট কেমেৰাত বন্দী হৈছে । আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত ১২৯৯/২১ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনা সংঘটিত কৰা দুৰ্বৃত্তজনক বৰ্তমানলৈ ধৰিব পৰা নাই আৰক্ষীয়ে । ইপিনে, জালুকবাৰী আৰক্ষী থানাৰ পৰা প্ৰায় ১০০-১৫০ মিটাৰ আঁতৰত নিশা ১১ বজাতে নৃশংসভাৱে দুবৃত্তই এজন লোকক এইদৰে হত্যা কৰাৰ ঘটনাই মহানগৰবাসীৰ নিৰাপত্তাৰ দিশটোতো প্ৰশ্নৰ উত্থাপন কৰিছে ।

লগতে পঢ়ক :নুমলীগড়ত দুই ব্যৱসায়ীৰ মাজত মাৰপিট : মৃত্যু এজনৰ

ABOUT THE AUTHOR

...view details