অসম

assam

ETV Bharat / state

গুৱাহাটীত অসম নাগৰিক সমাজৰ কেব বিৰোধী ৰেলী - গুৱাহাটী কেব বিৰোধী ৰেলী

গুৱাহাটী লক্ষীধৰ বৰা সদনৰ পৰা মালিগাঁও, গুৱাহাটী বিশ্ববিদ্যালয়লৈৰে ছয়গাঁৱলৈ অসম নাগৰিক সমাজৰ কেব বিৰোধী ৰেলী ৷ ৰেলীত উপস্থিত থাকে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, অজিত কুমাৰ ভূঞা, জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা, গায়ক মানস ৰবিন, মহেন্দ্ৰ হাজৰিকাকে প্ৰমুখ্য কৰি কেইগৰাকীও বিশিষ্ট ব্যক্তি ৷

Guwahti asom citizen society cab protest
গুৱাহাটীত অসম নাগৰিক সমাজৰ কেব বিৰোধী ৰেলী

By

Published : Dec 8, 2019, 5:52 PM IST

গুৱাহাটী, 8 ডিচেম্বৰ: 9 ডিচেম্বৰত লোকসভা আৰু ১০ ডিচেম্বৰত ৰাজ্যসভাত উত্থাপন কৰা হ'ব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক । বিধেয়ক বাতিলৰ দাবীত অধিক তীব্ৰতৰ হৈছে প্ৰতিবাদ । সকলোৱে কেব গৃহীত নকৰিবলৈ চৰকাৰক এই প্ৰতিবাদৰ জৰিয়তে সঁকিয়াই দিছে । দেওবাৰে গুৱাহাটীত অসম নাগৰিক সমাজৰ জনসজাগতামূলক কাৰ্যসূচী । কেবে কিদৰে অসমৰ ভাষা সংস্কৃতি বিপদাপন্ন কৰিব তাৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে উলিওৱা হয় এক ৰেলী । এই ৰেলীত অংশগ্ৰহণ কৰে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, অজিত কুমাৰ ভূঞা, জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা, গায়ক মানস ৰবিন, মহেন্দ্ৰ হাজৰিকাকে প্ৰমুখ্য কৰি কেইগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । গুৱাহাটী লক্ষীধৰ বৰা সদনৰ পৰা উলিওৱা এই ৰেলী মালিগাঁও, গুৱাহাটী বিশ্ববিদ্যালয়লৈৰে ছয়গাঁৱত সমাপ্ত কৰে ।

লগতে পঢ়ক:কলিয়াবৰত মুখ্যমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

ৰেলীত অংশগ্ৰহণকৰি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই কয় যে এতিয়াও সকলো ৰাইজে বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজে কেব সমন্ধে ভালদৰে নাজানে । গতিকে জনসাধাৰণক কেবৰ ভয়াবহতাৰ বিষয়ে জ্ঞাত কৰি আন্দোলনলৈ উলিয়াই অনাৰ প্ৰচেষ্টাৰে এই ৰেলী উলিওৱা হৈছে ৷

গুৱাহাটীত অসম নাগৰিক সমাজৰ কেব বিৰোধী ৰেলীত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকা

ইফালে জনতাৰ প্ৰৱল বিৰোধিতা স্বত্বেও যদিও চৰকাৰে কেব আনিবলৈ বদ্ধপৰিকৰ ৷ কিন্তু অসমীয়া ৰাইজে কেতিয়াও জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিবলৈ নিদিয়ে ৷ কেব বাতিল নোহোৱা পৰ্য্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা ৷

গুৱাহাটীত অসম নাগৰিক সমাজৰ কেব বিৰোধী ৰেলীত জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা

আৰু চাওঁক:ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details