গুৱাহাটী, ৩১ জানুৱাৰী : মহানগৰবাসীৰ বাবে সুখবৰ । মহানগৰৰ লোকক সহায় কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ মহানগৰ আৰক্ষী প্ৰশাসন । বৰ্তমান মহানগৰবাসীৰ সুবিধাৰ্থে আৰক্ষীয়ে মুকলি কৰিছে দুটা বিশেষ হেল্পলাইন নম্বৰ (Guwahati Police release two helpline numbers) । এতিয়াৰে পৰা যিকোনো বিপদ বা জৰুৰীকালীন সময়ত ফোন কৰক এই বিশেষ হেল্পলাইন নম্বৰত ৷
এই নম্বৰত ফোন অথবা হোৱাটছএপ কৰি নাগৰিকসকলে যিকোনো অসুবিধাত পৰিলে আৰক্ষীৰ সহায় ল’ব পাৰিব । নম্বৰ দুটাত হোৱাটছএপ মেচেজ, ফটো,কিম্বা লিংক থাকিলে দিব পাৰিব আৰক্ষীক । তদুপৰি কিবা অভিযোগ ৰাইজে জনাব পাৰিব আৰক্ষীক । আৰু এই ক্ষেত্ৰত কোনো কাৰণতে আৰক্ষীয়ে ব্যক্ত নকৰে অভিযোগ দাখিল কৰা ব্যক্তিৰ পৰিচয় । সম্পূৰ্ণ গোপনে ৰখা হ’ব ব্যক্তিৰজনৰ নাম আৰু পৰিচয় ।