গুৱাহাটী, ১৭ নৱেম্বৰ :কাৰ্বি আংলঙৰ ডকমকাৰ তেজলগা অতীত এতিয়াও পাহৰিব পৰা নাই মানুহে (Karbi Anglong mob lynching case) । এদল নৰপিশাচৰ হাতত অকালতে প্ৰাণ হেৰুৱাবলগা হৈছিল দুগৰাকীকৈ যুৱ প্ৰতিভা অভি-নীলে । নৰখাদক সদৃশ এদল লোকৰ জিঘাংসাৰ বলি হৈছিল গুৱাহাটীৰ অভিজিত নাথ আৰু নীলোৎপল দাসে (Abhi Neel murder case) ।
অভি-নীলৰ উক্ত হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই । তাৰ মাজতে ৰাজ্যত সংঘটিত হৈছে আন এক গণ প্ৰহাৰৰ ঘটনা (Guwahati mob lynching) । এইবাৰ খোদ গুৱাহাটী মহানগৰীতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ গুৱাহাটীত এদল উন্মাদ লোকৰ গণ প্ৰহাৰত মৃত্যু ঘটিছে এজন যুৱকৰ (one died in Guwahati mob lynching) ৷
গুৱাহাটীৰ ওদালবাক্ৰাৰ আদাগুদামত সংঘটিত হৈছে এই ঘটনা ৷ গণ প্ৰহাৰত মৃত্যু হোৱা যুৱকজনক সুনীল শৰ্মা বুলি চিনাক্ত পৰা হৈছে ৷ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত যুৱকজন আদাগুদামৰ এঘৰৰ চৌহদত দেৱাল পাৰ হৈ প্ৰৱেশ কৰিছিল ৷ তাৰ পিছতে স্থানীয় প্ৰায় ৫০-৬০ জন লোকে তেওঁক ঘেৰি ধৰে আৰু উত্তম-মধ্যম দিবলৈ আৰম্ভ কৰে ৷ ফলত যুৱকজনৰ অৱস্থা সংকটতজনক হৈ পৰে ।