গুৱাহাটী,2 নৱেম্বৰ : একবিংশ শতিকাত উন্নয়নে ঢুকি নোপোৱা গুৱাহাটী মহানগৰীৰ এটা বিশেষ অঞ্চল ৷ ৰাজধানী দিশপুৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ আৰু নাৰেংগী-নুনমাটিৰ মূল পথৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত পূৱ শান্তি নগৰ হাজংবস্তী অঞ্চলে আজিও পৰিচয় হোৱা নাই উন্নয়নৰ সৈতে ৷ দূৰত্ব হিচাপে দিশপুৰলৈ মাথো দহ কিলোমিটাৰহে যদিও উন্নয়ন তেওঁলোকৰ বাবে দুৰ্বোধ্য ৷ দিশপুৰৰ বৰমূৰীয়াই যেন ঢুকি নাপায় অঞ্চলবাসীক ৷
ভৌগোলিকভাৱে পাহাৰে আৱৰা হাজংবস্তি ৷ চাৰিওফালে ওখ পাহাৰে আৱৰি থকা এক সমতল অঞ্চল হাজংবস্তি ৷ অঞ্চলটোত বাস কৰে বিভিন্ন জাতি জনজাতি সম্প্ৰদায়ৰ প্ৰায় দুই শতাধিক লোক ৷ মূল পথৰ প্ৰায় দাঁতিকাষৰীয়া অথচ পাহাৰীয়া এই দুৰ্গম অঞ্চলটোত বাস কৰা লোকসকলে এতিয়ালৈকে দেখা নাই চৰকাৰৰ এখনো জনকল্যাণমূলক আঁচনি ৷ অথচ প্ৰতিবাৰৰ নিৰ্বাচনতেই তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্বাচন কৰে একোজন জনতাৰ প্ৰতিনিধি ৷ নিৰ্বাচনৰ সময়ত তেওঁলোক হাজংবস্তীলৈ আহে ঠিকেই যদিও নিৰ্বাচনত জয়ী হোৱাৰ পাচত চৰকাৰী আঁচনিটো বাদেই জনপ্ৰতিনিধিৰ ছাঁটোকে নেদেখে তেওঁলোকে ৷
আজিৰ পৰা প্ৰায় 18 বছৰ পূৰ্বে এই হাজংবস্তি অঞ্চললৈ যোগান ধৰা হৈছিল বিজুলী ৷ চৰকাৰীভাৱে অঞ্চলটোলৈ বিজুলী যোগান ধৰিলে যদিও আজি পৰ্যন্ত অঞ্চলবাসীয়ে লাভ নকৰিলে এপিএল, বিপিএল কাৰ্ড অথবা আন কোনো চৰকাৰী আঁচনিৰ সুবিধা ৷ চৰকাৰী নেতা-আমোলাৰ মুখত তেওঁলোকে মাথো আঁচনিসমূহৰ নামহে শুনে ৷ অৱশ্যে আপাততঃ তেওঁলোক এইখন মহানগৰীৰ বাসিন্দা ৷