গুৱাহাটী, 9 মে': শুকুৰবাৰে গুৱাহাটী দন্ত মহাবিদ্যালয় চিকিৎসালয়ত এইগৰাকী কনিষ্ঠ চিকিৎসকৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰাৰ পিচতে, শনিবাৰে পুৱাৰ ভাগত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৎপৰতাত চিকিৎসালয়খন কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হয় । লগতে প্ৰশাসনে সম্পূৰ্ণৰূপে ছীল কৰি দিয়ে চিকিৎসালয় খনলৈ যোৱা পথটো । ইয়াৰোপৰি সম্পূৰ্ণ অঞ্চলটো চেনিটাইজ কৰে পৌৰ নিগমৰ কৰ্মীয়ে ।
কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা গুৱাহাটী দন্ত মহাবিদ্যালয়ৰ চিকিৎসালয় এলেকা
শনিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৎপৰতাত কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাৰ লগতে, সম্পূৰ্ণৰূপে ছীল কৰি দিয়া হ'ল গুৱাহাটী দন্ত মহাবিদ্যালয় চিকিৎসালয়লৈ যোৱা পথ ।
containment zone
উল্লেখ্য যে, যোৱা ২৫ এপ্ৰিলৰ পৰা ১ মে' পৰ্যন্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্কেনিঙৰ কামত জড়িত আছিল COVID-19ত আক্ৰান্ত কনিষ্ঠ চিকিৎসক গৰাকী । ১ মে'ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা উভতি অহাৰ পিচৰে পৰা আক্ৰান্ত গৰাকীৰ লগতে, আন তিনি গৰাকী শিক্ষাৰ্থীক আছুতীয়াকৈ ৰখা হৈছিল ।
Last Updated : May 9, 2020, 2:17 PM IST