অসম

assam

বিদ্যুৎচালিত বাছ মুকলিৰ পিচতে বন্ধ কৰি দিয়া হ’ল 200খন ব্যক্তিগত চিটি বাছ

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 3:39 PM IST

Guwahati City Bus : বিদ্যুৎচালিত চিটি বাছৰ বাবে বন্ধ কৰি দিয়া হৈছে ব্যক্তিগত খণ্ডৰ 200 খন চিটি বাছ ৷ চৰকাৰৰ সিদ্ধান্তত দিগবিদিক হেৰুৱাইছে মহানগৰীৰ চিটি বাছৰ মালিক সকলে ৷

Guwahati City Bus
অশনি সংকট নামি আহিছে একাংশ চিটিবাছ মালিকলৈ

মূৰে-কপালে হাত দিছে চিটি বাছৰ মালিকে

গুৱাহাটী, 3 জানুৱাৰী : পৰিবহন বিভাগ তথা ৰাজ্য চৰকাৰৰ এক সিদ্ধান্তৰ বাবে এতিয়া সংকট নামি আহিছে একাংশ চিটিবাছ মালিকলৈ ৷ বছৰ বছৰ ধৰি গুৱাহাটী মহানগৰীত সেৱা আগবঢ়াই থকা চিটি বাছৰ মালিক সকলে এতিয়া ককবকাব লগীয়া হৈছে ৰাজ্য চৰকাৰৰ এটা সিদ্ধান্তৰ বাবে ৷ 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ ৰাজধানী চহৰত নতুনকৈ মুকলি হোৱা 200 খন বিদ্যুৎচালিত চিটি বাছৰ বাবে বন্ধ কৰি দিয়া হৈছে ব্যক্তিগত খণ্ডৰ 200 খন চিটি বাছৰ চলাচল ৷ যাৰ বাবে এতিয়া মূৰে-কপালে হাত দিছে GMTA নামৰ সংস্থাটোৰ একাংশ চিটি বাছৰ মালিকে ৷

আনহাতে ব্যক্তিগত চিটি বাছ মালিক সকলৰ অভিযোগ, পূৰ্বৰ পৰা GMTA ৰ সাধাৰণ সম্পাদক পদত অধিস্থিত হৈ থকা বিপুল কলিতা নামৰ ব্যক্তি গৰাকীয়ে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মাত মতাৰ বিপৰীতে তেখেতে পৰিবহন বিভাগৰ লগত মিলি গোপন অভিসন্ধি ৰচি কেতিয়াবাই সম্পাদক পদৰ পৰা পদত্যাগ কৰিছে ৷ যাৰ বাবে এতিয়া বিপুল কলিতাৰ ওপৰতো ক্ষোভ উজাৰিছে মহানগৰীৰ চিটি বাছ মালিক সকলে ৷

অভিযোগ অনুসৰি পৰিবহন বিভাগৰ সৈতে বিপুল কলিতাই এক গোপন মিতিৰালি কৰি একাংশ লোকৰ বাছ সমূহ বন্ধ কৰিছে ৷ যাৰ বাবে এতিয়া আত্মহত্যা কৰাৰো ভাবুকি প্ৰদান কৰিছে এই সকল চিটি বাছৰ মালিকে ৷ কাৰণ বাছৰ চকা নুঘুৰিলে নচলে এইসকল লোকৰ জীৱনৰ চকা ৷ সেয়েহে এতিয়া চিটি বাছ মালিক সকলৰ মুখলৈ চাই চৰকাৰক এক সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বাছ মালিক সকলে ৷

লগতে পঢ়ক :উত্তৰ পূৰ্বাঞ্চলত ৫ জানুৱাৰীৰ পৰা দুদিন নচলিব বাণিজ্যিক বাহন

ABOUT THE AUTHOR

...view details