অসম

assam

By

Published : May 7, 2020, 5:30 PM IST

ETV Bharat / state

প্ৰথমবাৰৰ বাবে পাণ্ডু বৌদ্ধ বিহাৰত অনুষ্ঠিত নহ'ল বুদ্ধ পূৰ্ণিমা

1955 চনতে স্থাপিত হোৱা গুৱাহাটী মহানগৰৰ অতিকৈ পুৰণি বৌদ্ধ মন্দিৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নহ'ল বুদ্ধ পূৰ্ণিমা ৷ কৰ'ণাৰ ভয়াৱহতা আৰু লক্ ডাউনৰ বাবেই এইবাৰ পাণ্ডুত অনুষ্ঠিত নহ'ল পৱিত্ৰ বুদ্ধ পূৰ্ণিমা ৷

Guwahati  buddha bihar not celebrating  buddha purnima
প্ৰথমবাৰৰ বাবে পাণ্ডু বৌদ্ধ বিহাৰত অনুষ্ঠিত নহ'ল বুদ্ধ পূৰ্ণিমা

গুৱাহাটী,7 মে' ঃআজি পৱিত্ৰ বুদ্ধ পূৰ্ণিমা। কিন্তু কৰ'ণাৰ ভয়াৱহতা আৰু লক্ ডাউনৰ বাবে বুদ্ধ মন্দিৰসমূহত নাই পূৰ্ৱৰ উছাহ-উদ্দীপনা। গুৱাহাটীৰ ঐতিহ্যমণ্ডিত পাণ্ডু বৌদ্ধ বিহাৰটো একেই পৰিৱেশ । ধৰ্মীয় ৰীতি নীতি অনুসৰি অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে বুদ্ধ পূৰ্ণিমাৰ কাৰ্যসূচী। পুৱাই মাংগলিক অনুষ্ঠান আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচী সমাপ্ত কৰা হয় । কেৱল কমিটিৰ সীমিত সংখ্যক লোকৰ উপস্থিতিত এই কাৰ্যসূচী সম্পন্ন কৰা হয় । ইফালে সন্ধিয়াৰ ভাগত বিশ্ব শান্তিৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰা হ'ব বৌদ্ধ বিহাৰ প্ৰাংগনত।

প্ৰথমবাৰৰ বাবে পাণ্ডু বৌদ্ধ বিহাৰত অনুষ্ঠিত নহ'ল বুদ্ধ পূৰ্ণিমা

উল্লেখযোগ্য যে ,১৯৫৫ চনত স্থাপিত মহানগৰীৰ অতিকৈ পুৰণি এই বৌদ্ধ মন্দিৰত প্ৰতিবছৰে ধুমধামেৰে আয়োজন কৰা হয় পৱিত্ৰ বুদ্ধ পূৰ্ণিমা। কিন্তু মহামাৰী কৰ'ণাৰ ভয়াৱহতাৰ বাবে পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত নহ'ল বুদ্ধ পূৰ্ণিমা।


ABOUT THE AUTHOR

...view details