অসম

assam

ETV Bharat / state

অগ্নিগৰ্ভা অসমঃৰাজপথত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজ - অসম অভিযান্ত্ৰিক মহাবিদ্যালয়,পাণ্ডু মহাবিদ্যালয়,ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ওলাই আহি জালুকবাৰীত পথ অৱৰোধ কৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে,প্ৰতিবাদী কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে

ৰাজপথত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজ
অগ্নিগৰ্ভা অসম

By

Published : Dec 11, 2019, 8:43 PM IST

গুৱাহাটীঃ কেব বাতিলৰ দাবীত সম্প্ৰতি অগ্নিগৰ্ভা হৈছে অসম । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো বৃহস্পতিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । মহানগৰীৰ জু-ৰোড,জনতা ভৱনৰ সমান্তৰালকৈ মালিগাঁও,জালুকবাৰীতো কেবৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ বিক্ষোভ পৰিলক্ষিত হয় । ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ পিছতে ক্ষোভৰ জুইত জ্বলিব ধৰে ৰাজ্যখন । ইপিনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ওলাই আহি জালুকবাৰীত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী ছাত্ৰ আৰু আৰক্ষীৰ মাজত কেইবাঘন্টা ধৰি চলে বাকযুদ্ধ । ৰাষ্ট্ৰীয় ঘাইপথতে বহি পৰে ক্ষোভিত ছাত্ৰসমাজ ৷ উক্ত প্ৰতিবাদত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়,পাণ্ডু মহাবিদ্যালয়,ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়কে ধৰি কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে । আৰক্ষীয়ে বুজনি দিয়াৰ চেষ্টা কৰে যদিও মান্তি নহয় প্ৰতিবাদকাৰী ছাত্ৰ সমাজ । কেব বাতিল নোহোৱা পৰ্যন্ত এই প্ৰতিবাদ চলি যাব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । ইফালে মালিগাঁও ৪নং গেট অৱৰোধ কৰে ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে ৷ শিল্পীগৰাকীয়ে উপস্থিত সকলোকে শান্তি-শৃংখলা বজাই ৰাখি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ৷

অগ্নিগৰ্ভা অসম

ABOUT THE AUTHOR

...view details