অসম

assam

ETV Bharat / state

স্কুটী চলাই দেশ ভ্ৰমণত তামিলনাডুৰ অধ্যাপক - তামিলনাডু

সেউজ পৰিৱেশ আৰু ৰাইজক স্বাস্থ্য ৰক্ষাৰ প্ৰতি সজাগ কৰাৰ বাবে লোকজনে বিগত 3 মে'ত পাতনি মেলিছিল তেওঁৰ যাত্ৰাৰ ৷ ইতিমধ্যে এইগপৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপকে সম্পূৰ্ণ কৰিছে 6586 যাত্ৰাপথ ৷

স্কুটী চলাই দেশ ভ্ৰমণত তামিলনাডুৰ অধ্যাপক

By

Published : May 22, 2019, 9:44 PM IST

গুৱাহাটী, 22 মে': 'স্বচ্ছ ভাৰত, সেউজ ভাৰত' তেওঁৰ লক্ষ্য ৷ সেই উদ্দেশ্যৰে এখন স্কুটীত তেওঁ ওলাইছে দেশ ভ্ৰমণত ৷ তেওঁ তামিলনাডুৰ অন্নমালাই বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক এছ্ চেলভাকুমাৰ ৷ সেউজ পৰিৱেশ আৰু ৰাইজক স্বাস্থ্য ৰক্ষাৰ প্ৰতি সজাগ কৰাৰ বাবে লোকজনে বিগত 3 মে'ত পাতনি মেলিছিল তেওঁৰ যাত্ৰাৰ ৷ ইতিমধ্যে এইগপৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপকে সম্পূৰ্ণ কৰিছে 6586 যাত্ৰাপথ ৷ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰাৰ পাছত বুধবাৰে চেলভাকুমাৰ উপস্থিত হয় গুৱাহাটীত ৷

স্কুটী চলাই দেশ ভ্ৰমণত তামিলনাডুৰ অধ্যাপক

200 দিনত সমগ্ৰ দেশ ভ্ৰমণ কৰাৰ লক্ষ্যৰে তেওঁ এই যাত্ৰাৰ পাতনি মেলা বুলি প্ৰকাশ কৰে ৷ অক্টোবৰ মাহত যাত্ৰাৰ অন্ত পৰাৰ আশা ব্যক্ত কৰে লোকগৰাকীয়ে ৷ইপিনে, উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰি অনন্য অভিজ্ঞতা লাভ কৰি ৰাইজক পথ সুৰক্ষাৰ প্ৰতি সচেতন হোৱাৰ লগতে বাইক চলাওঁতে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায় চেলভাকুমাৰে ৷

ABOUT THE AUTHOR

...view details