অসম

assam

By

Published : Apr 15, 2020, 4:28 PM IST

ETV Bharat / state

সোনাপুৰত ক'ৰণাত আক্ৰান্ত ৰোগীক সেৱা আগবঢ়োৱা চিকিৎসাকৰ্মীৰ দলক অভিবাদন

সোণাপুৰ জিলা চিকিৎসালয়ত ক'ৰণাত আক্ৰান্ত ৰোগীক বিগত সাত দিন ধৰি সেৱা আগবঢ়োৱা চিকিৎসা কৰ্মীৰ দলক অভিবাদন ৷ চিকিৎসালয় পৰা পোনে পোনে 14 দিনৰ কোৱাৰেন্টাইনৰ বাবে হোটেল তাজ ভিৱান্তালৈ ওলাই যায় দলটো ৷

Gratitude show by public for health worker team at Sonapur hospital
সোনাপুৰত ক'ৰণাত আক্ৰান্ত ৰোগীক সেৱা আগবঢ়োৱা চিকিৎসাকৰ্মীৰ দলক অভিবাদন

গুৱাহাটী, 15 এপ্ৰিল: ক'ৰণাত আক্ৰান্ত ৰোগীক বিগত সাত দিন ধৰি সেৱা আগবঢ়াই বুধবাৰে সোণাপুৰ জিলা চিকিৎসালয়ৰ পৰা পোনে পোনে 14 দিনৰ কোৱাৰেন্টাইনৰ বাবে হোটেল তাজ ভিৱান্তালৈ ওলাই যায় চিকিৎসক,নাৰ্চ,লেৱ প্ৰযুক্তিবিদ আৰু চাফাই কৰ্মীৰ এটা দল ৷

সোনাপুৰত ক'ৰণাত আক্ৰান্ত ৰোগীক সেৱা আগবঢ়োৱা চিকিৎসাকৰ্মীৰ দলক অভিবাদন

গুৱাহাটী মহানগৰীৰ উপকণ্ঠ সোণাপুৰৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা সোণাপুৰ জিলা চিকিৎসালয়ত চলিত মাহৰ 8 এপ্ৰিল পৰা আইছ'লোচন ৱাৰ্ডত কৰ্তব্যৰত আছিল দলটো ৷ বুধবাৰে সাত দিনৰ সেৱা সমাপ্ত কৰি পঞ্চতাৰকাযুক্ত হোটেল তাজ ভিৱান্তালৈ কোৱাৰেন্টাইনৰ বাবে ওলাই যায় দলটো ৷

সোনাপুৰত ক'ৰণাত আক্ৰান্ত ৰোগীক সেৱা আগবঢ়োৱা চিকিৎসাকৰ্মীৰ দলক অভিবাদন

উল্লেখ্য যে সোণাপুৰ জিলা চিকিৎসালয়ৰ পৰা পঞ্চতাৰকাযুক্ত হোটেল তাজ ভিৱান্তালৈ যোৱাৰ সময়তে সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসক, নাৰ্চসহ সম্পূৰ্ণ দলটোক হাত চাপৰিৰে সন্মান জনায় অসংখ্য ৰাইজে ৷ ফলত কিছু পৰিমাণে আৱেগিক হৈ পৰে চিকিৎসা কৰ্মীসকল ৷

লগতে পঢ়কঃ তৃতীয় স্তৰত অধিক সাৱধানতা অৱলম্বন কৰক

ABOUT THE AUTHOR

...view details