অসম

assam

ETV Bharat / state

Letter of appreciation from Assam CM:মুখ্যমন্ত্রীৰ কৃতজ্ঞতা পত্র লৈ কৃতী শিক্ষাগুৰুৰ কাষত চৰকাৰী বিষয়া - teachers day 2023

পৱিত্র শিক্ষক দিৱসৰ দিনা ৰাজ্যৰ ৪৩০ গৰাকী কৃতী শিক্ষাগুৰুক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন । ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষকক চৰকাৰীভাৱে সম্বৰ্ধনা জ্ঞাপনেৰে মুখ্যমন্ত্রীৰ শুভেচ্ছা পত্র প্ৰদান । শিক্ষাগুৰুসকলক পত্রযোগে মুখ্যমন্ত্রীয়ে কৃতজ্ঞতা জনাই চৰকাৰ পৰিচালনাৰ বাবে বিচাৰে পৰামৰ্শ । সম্বৰ্ধনা লাভ কৰি উৎফুল্লিত ২০১৮ চনত ৰাজ্যিক শিক্ষকৰ বঁটাৰে সন্মানিত গুৱাহাটীৰ জুনু ৰাজখোৱা ।

govt officials visit teachers with letter of appreciation from Assam cm
কৃতী শিক্ষাগুৰুৰ কাষত চৰকাৰী বিষয়া

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:41 PM IST

কৃতী শিক্ষাগুৰুৰ কাষত চৰকাৰী বিষয়া

গুৱাহাটী,৫ ছেপ্টেম্বৰ:শিক্ষক দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মঙলবাৰে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষকৰ ঘৰে ঘৰে গৈ প্ৰদান কৰা হয় সম্বৰ্ধনা পত্ৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো মঙলবাৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা কৃতী শিক্ষাগুৰুক ঘৰত গৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সেই অনুসৰি গুৱাহাটীৰ কাহিলিপাৰাৰ নৰকাসুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্রী জুনু ৰাজখোৱাক তেওঁৰ কাহিলিপাৰাস্থিত বাসভৱনত মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ২০১৮ চনত ৰাজ্যিক শিক্ষকৰ বঁটাৰে সন্মানিত হোৱা জুনু ৰাজখোৱাক এখন পাটৰ গামোচা আৰু মুখ্যমন্ত্রীৰ শুভেচ্ছা পত্রৰে সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে অৱসৰী শিক্ষয়িত্রীগৰাকী ।

কৃতী শিক্ষাগুৰুৰ কাষত চৰকাৰী বিষয়া

নিজৰ মনৰ ভাৱ ব্যক্ত কৰি তেওঁ কয় যে 'শিক্ষক দিৱস' উপলক্ষে এনেদৰে জনোৱা সন্মানৰ বাবে মুখ্যমন্ত্রীক কৃতজ্ঞতা জ্ঞাপন কৰিছো । এই সন্মানৰ বাবে এতিয়া নতুন প্ৰজন্মৰ লগতে সমাজৰ উন্নতিৰ বাবে কাম কৰিবলৈ দায়িত্ব বাঢ়িল বুলি তেওঁ কয় । উল্লেখ্য যে, বিগত দুই দশকত শিক্ষক বঁটাৰে সন্মানিত ৰাজ্যৰ কৃতী শিক্ষক আৰু শিক্ষয়িত্রীসকলক সন্মান জনোৱাৰ বাবে এইবাৰ এনেদৰে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা পত্র প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । শিক্ষাগুৰুসকলক পত্রযোগে মুখ্যমন্ত্রীয়ে কৃতজ্ঞতা জনাই চৰকাৰ পৰিচালনাৰ বাবে পৰামৰ্শও বিচাৰে । ৰাজ্যৰ ৩৫ খন জিলাৰ মুঠ ৪৩০ গৰাকী কৃতী শিক্ষকক এই পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰা ৭গৰাকী কৃতী শিক্ষকো আছে ।

আনহাতে ৰাজ্যিক শিক্ষক বঁটা লাভ কৰা প্ৰাথমিক বিদ্যালয়ৰ ২৩৪গৰাকী আৰু মাধ্যমিক বিদ্যালয়ৰ ১৮৯গৰাকী কৃতী শিক্ষক আছে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্ৰখনত বঁটাপ্রাপক শিক্ষকসকলৰ পৰা ৰাজ্য চৰকাৰৰ সন্দৰ্ভত পৰামৰ্শ বিচাৰিছে । বঁটাপ্রাপক শিক্ষকসকলৰ পৰামৰ্শ পত্রযোগে তেওঁলৈ প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনাইছে । ৰাজ্যৰ শিক্ষক বঁটাৰে সন্মানিত শিক্ষকসকলক উদ্দেশ্যি লিখা পত্ৰখনত মুখ্যমন্ত্রী ড° শৰ্মাই কয় - 'শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোত মোৰ আন্তৰিক শ্রদ্ধা, প্ৰণাম আৰু নমস্কাৰ গ্ৰহণ কৰিব । যিসকল মনীষীয়ে মানৱ জাতিক অজ্ঞানতাৰ আন্ধাৰৰ পৰা মুক্ত কৰি জ্ঞানৰ আলোকেৰে উজলাই তুলিব খোজে, তেখেতসকলেই হৈছে শিক্ষাগুৰু । প্রকৃত শিক্ষাগুৰুৱে ভাবে যে শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত জড়িত হ’বলৈ পোৱাটো তেওঁলোকৰ জীৱনৰ পৰম সাৰ্থকতা । পৃথিৱীৰ বহুতো বিজ্ঞানী, সাহিত্যিক অথবা পণ্ডিত দৰাচলতে আছিল একোগৰাকী শিক্ষক অথবা শিক্ষাগুৰু । নিজকে শিক্ষক বুলি চিনাকি দি তেওঁলোক গৌৰৱান্বিত হৈছিল ।

কৃতী শিক্ষাগুৰুৰ কাষত চৰকাৰী বিষয়া

সাংবাদিকক দিয়া এটা সাক্ষাৎকাৰত বিশিষ্ট বিজ্ঞানী তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামে কৈছিল যে জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ পালে তেওঁ এগৰাকী শিক্ষক হ’ব । নবেল বঁটাপ্ৰাপক সাহিত্যিক কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ, পদার্থ বিজ্ঞানৰ ন'বেল বঁটাপ্ৰাপক বিজ্ঞানী ছাৰ চি ভি ৰমন, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি তথা বিশিষ্ট দার্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু ভাৰতৰ আণৱিক গৱেষণাৰ পিতৃপুৰুষ হোমী জাহাংগীৰ ভাবা - এই আটায়েই আছিল একোগৰাকী বিশিষ্ট শিক্ষাগুৰু । স্বামী বিবেকানন্দৰ ভাষাত ছাত্ৰৰ অভ্যন্তৰৰ আচাৰ্যক জগাই তোলাই হ’ল বাহ্যিক আচার্য অথবা শিক্ষাগুৰুৰ প্ৰধান কৰ্তব্য । অসমৰ শিক্ষা জগতত সুদীর্ঘকাল জড়িত থাকি আপুনিও সেই প্রবাদপ্রতিম শিক্ষাগুৰুসকলৰ পথ অনুকৰণ কৰিছে ।

শিক্ষা জগত আৰু শিক্ষাৰ্থীৰ জীৱনলৈ আপোনাৰ পৰ্বত প্ৰমাণ অৱদানৰ বাবে যেতিয়া আপোনাক শিক্ষক বঁটাৰে সন্মানিত কৰা হৈছিল সেই মুহূৰ্তত চৰকাৰ আৰু দেশৰ নাগৰিক ধন্য হৈছিল । আপোনাক শিক্ষক বঁটাৰে সন্মানিত কৰাৰ সেই স্মৃতি আজিও বহুতৰ মানসপটত সজীৱ হৈ আছে । আপোনাৰ দৰে এগৰাকী কৃতী শিক্ষকৰ সাহচৰ্যৰ সুবাসে অগণন ছাত্র-ছাত্ৰীক ধন্য কৰাৰ লগতে ইয়াৰ দ্বাৰা সামগ্রিকভাৱে আমাৰ শিক্ষা জগতখনো ধন্য হৈছে । নিজ বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্থাপিত আপোনাৰ জীৱনজোৰা গভীৰ প্ৰেম আৰু আস্থাৰ কাহিনীয়ে নৱপ্ৰজন্মৰ শিক্ষকসকলক গভীৰ প্ৰেৰণা যোগাব । আজি এই পত্রযোগে মই আপোনালৈ এক বিনম্র আহ্বান জনাব খোজোঁ । শিক্ষকতাৰ দীৰ্ঘ পৰিক্ৰমাৰে পুষ্ট হৈ আপুনি শিক্ষা জগতৰ বিচিত্ৰ অভিজ্ঞতা অর্জন কৰিছে । শিক্ষা আৰু আনুষংগিক ক্ষেত্ৰত আপোনাৰ চিন্তা আৰু পৰামৰ্শ সেয়ে আমাৰ কাম্য । বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ প্ৰতি আপোনাৰ কোনো পৰামৰ্শ থাকিলে তাক আমি আনন্দেৰে গ্ৰহণ কৰিম । এই সন্দৰ্ভত আপুনি পত্ৰযোগে মোলৈ আপোনাৰ চিন্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে । আপোনাৰ সুচিন্তিত পৰামৰ্শ আৰু আমাৰ কঠোৰ শ্ৰমেৰে আমি ৰাজ্যখনৰ উন্নয়নত নিশ্চয় নতুন মাত্রা সংযোগ কৰিব পাৰিম । শেষত আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিলোঁ । আপুনি সপৰিয়ালে কুশলে থাকক ।' এনেদৰে আজিৰ পৱিত্র দিনটোত মুখ্যমন্ত্রীয়ে কৃতী শিক্ষাগুৰুসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক :Gurusewa programme:সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত "গুৰুসেৱা" কাৰ্যসূচী

ABOUT THE AUTHOR

...view details