গুৱাহাটী, ২২ অক্টোবৰ :বি টি আৰৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত বড়োভূমিত বাহাল থাকিব ৰাজ্যপালৰ শাসন । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকে এই সিদ্ধান্তত অনুমোদন জনায় । বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা মন্ত্ৰী পৰিষদৰ এই বৈঠকৰ সিদ্ধান্ত সমূহ সংবাদ মাধ্যমৰ আগত সদৰী কৰি ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ তেওঁ কয় যে ১৫ অক্টোবৰৰ ভিতৰত বি টি আৰৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক অনুৰোধ জনাবলৈও সিদ্ধান্ত লোৱা হয় ।
নিৰ্বাচন নোহোৱা পৰ্যন্ত বি টি আৰত বাহাল থাকিব ৰাজ্যপালৰ শাসন - মন্ত্ৰী পৰিষদৰ বৈঠক
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় মন্ত্ৰী পৰিষদৰ বৈঠক ৷ ১৫ অক্টোবৰৰ ভিতৰত বি টি আৰৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক অনুৰোধ জনাবলৈও সিদ্ধান্ত লোৱা হয় ।
আনহাতে, গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ প্ৰাণ হেৰুওৱা আৰক্ষী কনিষ্টবল ৰবেন দাসৰ পৰিয়াললৈ দহ লাখ টকাৰ এক কালিন চৰকাৰী সাহাৰ্য আগবঢ়াবলৈও মন্ত্ৰী পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰে । একেদৰে গৰুৰ খাদ্যৰ বাবে গোশালা সমূহক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈও আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় । ইপিনে মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা বালি, ষ্টীল, বিটুমিন আদিৰ ক্ষেত্ৰত জি এছ টি, ৰয়েল্টি আৰু স্থানীয় কৰ ৰেহাই দিবলৈও সিদ্ধান্ত লয় মন্ত্ৰী পৰিষদে । অনুৰূপভাবে মাজুলী সংযোগী দলঙৰ এপ্ৰ'ছ পথৰ বাবে ভূমি অধিগ্ৰহণ ব্যয় ৰাজ্য চৰকাৰে বহন কৰাৰ ক্ষেত্ৰতো আজি সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
লগতে পঢ়ক :চৰ্চা লাভ কৰিছে কলিয়াবৰৰ এটা বিশেষ শিলে...