নিউজ ডেস্ক, ১৫ আগষ্ট: ৰাজ্যত বহুবিবাহৰ অন্ত পেলাবলৈ চৰকাৰে এক শক্তিশালী আইন আনিব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে উল্লেখ কৰে এই কথা ৷ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলনৰ পাচত প্ৰদান কৰা ভাষণত এই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
ভাষণত মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে তেওঁৰ চৰকাৰে ২০২৬ চনৰ ভিতৰত ৰাজ্যত বাল্যবিবাহৰ অন্ত পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ । পূৰ্বতে আমাৰ চৰকাৰে ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইছিল আৰু প্ৰায় ৪০০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । এতিয়া আমি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে আন এক ব্যাপক দমন কাৰ্যসূচী আৰম্ভ কৰিম", মুখ্যমন্ত্ৰী শৰ্মাই কয় ৷
ইফালে বহুবিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ৰাজ্যত বহুবিবাহৰ অন্ত পেলাবলৈ আমাৰ চৰকাৰে শীঘ্ৰে শক্তিশালী আইন অনাৰ সিদ্ধান্ত লৈছে । চৰকাৰে ইতিমধ্যে বহুবিবাহৰ অন্ত পেলাবলৈ ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ৰুমী ফুকনৰ অধ্যক্ষতাত এখন বিশেষজ্ঞ সমিতি গঠন কৰিছিল ।