অসম

assam

ETV Bharat / state

ৱাকফ বোৰ্ডৰ সম্পত্তিক লৈ সংবাদমেল অসম গৰিয়া পৰিষদৰ - ৱাকফ বোৰ্ডৰ সম্পত্তিক লৈ সংবাদমেল অসম গৰিয়া পৰিষদৰ

বিগত কেইবা বছৰ ধৰি ৱাকফ বোৰ্ডৰ ৰাজহ সংগ্ৰহত গুৰুত্ব প্ৰদান কৰা নাছিল বোৰ্ডে। পূৰ্বৰ বোৰ্ডৰ অধ্যক্ষ নেকিবুৰ জামানৰ দিনটো ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বহু খেলিমেলি হৈছিল।

ৱাকফ বোৰ্ডৰ সম্পত্তিক লৈ সংবাদমেল অসম গৰিয়া পৰিষদৰ
ৱাকফ বোৰ্ডৰ সম্পত্তিক লৈ সংবাদমেল অসম গৰিয়া পৰিষদৰ

By

Published : Oct 22, 2020, 11:09 AM IST

গুৱাহাটী, 22 অক্টোবৰঃবছৰ বছৰ ধৰি অসম ৱাকফ বোৰ্ডত এটা চক্ৰই চলাই আছিল লুণ্ঠনৰাজ। নিজৰ ব্যক্তিগত লাভালাভৰ বাবে একাংশই লুটিপুতি খাইছে সংখ্যালঘুৰ এইসমূহ সম্পত্তিৰ ধন। পূৰ্বৰ বোৰ্ডৰ অধ্যক্ষ নেকিবুৰ জামানৰ দিনটো ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বহু খেলিমেলি হৈছিল। গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি বৃহস্পতিবাৰে এই অভিযোগ উত্থাপন কৰে অসম গৰিয়া পৰিষদে।

অসমৰ বিভিন্ন প্ৰান্তত বহু কোটি টকাৰ স্থাবৰ অস্থাবৰ সম্পত্তি আছে অসম ৱাকফ বোৰ্ডৰ। এই সম্পত্তিৰ পৰা সংগ্ৰহ ৰাজহৰ পৰা অসমৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকল আৰু অসহায় লোকক সহায়ৰ বাবে ব্যৱহৃত হয়। সংবাদমেলত সংগঠনটোৱে জনোৱা অনুসৰি বিগত কেইবা বছৰ ধৰি ৱাকফ বোৰ্ডৰ ৰাজহ সংগ্ৰহত গুৰুত্ব প্ৰদান কৰা নাছিল বোৰ্ডে। কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত যথেষ্ট পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা বুলিও কয় অসম গৰিয়া পৰিষদৰ উপদেষ্টা আব্দুল হামিদে। বিগত দুটা বৰ্ষত ফাঁচীবজাৰৰ অহিদুৰ ৰহমান ৱাকফ সম্পত্তিৰ পৰা ৫৫,৯৬,৩৮৩ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। যোৱা ২০১৮-১৯ বিত্তীয় বৰ্ষত ১৪,৬১,৬৯২ টকা সংগ্ৰহৰ বিপৰীতে ২০১৯-২০ বৰ্ষত ২৮,১৪,৮৫৬ টকা সংগ্ৰহ হৈছে। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেদখল হৈ থকা ৱাকফ বোৰ্ডৰ সম্পত্তি বেদখল মুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাই অসম গৰিয়া পৰিষদে।

লগতে চাওকঃ ভাৰত-চীন সীমান্তত যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু আইটিবিপি

ABOUT THE AUTHOR

...view details