নিউজ ডেস্ক,10 ফেব্ৰুৱাৰীঃ কৰ’ণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ১ মাৰ্চৰ পৰা বহিঃৰাজ্যৰ পৰা অহা লোকসকলে কৰিব নালাগে ক’ভিড-19ৰ টেষ্ট । বহিঃৰাজ্যৰ পৰা অহা লোক সকলে ৰে’লৱে ষ্টেচন, বিমানবন্দৰত কৰিব নালাগে ক’ভিড-19ৰ এই টেষ্ট ৷ এই কথা সদৰি কৰিছে অসমৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
বহিঃৰাজ্যৰ পৰা অসমলৈ আহিলে কৰিব নালাগে ক’ভিড-19ৰ পৰীক্ষা - বহিঃৰাজ্যৰ পৰা অসমলৈ আহিলে কৰিব নালাগে ক’ভিড-19ৰ পৰীক্ষা
ক’ৰণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ১ মাৰ্চৰ পৰা বহিঃৰাজ্যৰ পৰা অহা লোকসকলে কৰিব নালাগে ক’ভিড-19ৰ টেষ্ট । বহিঃৰাজ্যৰ পৰা অহা লোক সকলে ৰে’লৱে ষ্টেচন, বিমানবন্দৰত কৰিব নালাগে ক’ভিড-19ৰ টেষ্ট ৷ এই কথা সদৰি কৰিছে অসমৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
বহিঃৰাজ্যৰ পৰা অসমলৈ আহিলে কৰিব নালাগে ক’ভিড-19ৰ পৰীক্ষা
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে টুইট যোগে উল্লেখ কৰিছে যে, ক’ৰণাৰ সংক্ৰমণ হ্ৰাস পোৱা আৰু ভেকচিন প্ৰদান কৰি থকাৰ প্ৰতি লক্ষ্য ৰাখি, অসম চৰকাৰে ৰে’লৱে ষ্টেচন, স্থল পথ আৰু বিমানবন্দৰত বাধ্যতামূলক কভিড পৰীক্ষা ১ মাৰ্চৰ পৰা বন্ধ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।
লগতে পঢ়কঃ কাইলৈৰ পৰা বিধানসভাৰ অধিবেশনঃ দাখিল নহ'ব পূৰ্ণাংগ বাজেট