অসম

assam

ETV Bharat / state

GMCH ত এতিয়াৰে পৰা আৰম্ভ হ’ব নতুন নিয়ম

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ৰোগীৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ জানো আহক কি কি নতুন নিয়ম প্ৰৱৰ্তন হ’ব এই ব্যৱস্থা যোগে ৷

GMCH ত এতিয়াৰে পৰা আৰম্ভ হ’ব নতুন নিয়ম
GMCH ত এতিয়াৰে পৰা আৰম্ভ হ’ব নতুন নিয়ম

By

Published : Nov 22, 2021, 5:40 PM IST

গুৱাহাটী, 22 নবেম্বৰ :ৰাজ্য চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ৰোগীৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ পদক্ষেপ গ্ৰহণ কৰিছে । ৰোগীৰ সুবিধাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত সোমবাৰৰে পৰা নিশা ১০ বজা পৰ্যন্ত ৰোগীৰ MRI, CT-Scan, X-ray , ultra sound আৰু অস্ত্ৰোপচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে । পূৰ্বতে এই সুবিধাবোৰ বিয়লি ৩ বজালৈহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত উপলব্ধ আছিল ।

সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত অনুষ্ঠিত সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰি কৰি কয় যে, এতিয়াৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত দুটা shift ত ৰোগীৰ MRI, CT-Scan, X-ray , ultra sound আৰু অস্ত্ৰোপচাৰ কৰা হ'ব । পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈ আৰু বিয়লি ৩ বজাৰ পৰা নিশা ১০ বজালৈ হাস্পাতালত দুটা shift ত ৰোগীৰ MRI, CT-Scan, X-ray , ultra sound আৰু অস্ত্ৰোপচাৰ কৰা হ'ব ।

তেওঁ কয় যে, হাস্পাতালত পূৰ্বতে দুটা MRI মেছিনৰ জৰিয়তে দৈনিক ৩৫ গৰাকী ৰোগীৰ MRI কৰিব পৰা গৈছিল । এতিয়াৰ পৰা দৈনিক ৬০ গৰাকী ৰোগীৰ MRI কৰিব পৰা যাব । আকৌ হাস্পাতালত পূৰ্বতে চাৰিটা CT-Scan মেছিনৰ জৰিয়তে দৈনিক ১৫০ গৰাকী ৰোগীৰ CT-Scan কৰিব পৰা গৈছিল । এতিয়াৰে পৰা দৈনিক ৫০০ গৰাকী ৰোগীৰ CT-Scan কৰিব পৰা যাব ।

আনহাতে হাস্পাতালত পূৰ্বতে X-ray মেছিনৰ জৰিয়তে দৈনিক ৫০০ গৰাকী ৰোগীৰ X-ray কৰিব পৰা গৈছিল । এতিয়াৰ পৰা দৈনিক ১০০০ গৰাকী ৰোগীৰ X-ray কৰিব পৰা যাব। ইপিনে, হাস্পাতালত পূৰ্বতে পাঁচটা ultra sound মেছিনৰ জৰিয়তে দৈনিক ১৫০ গৰাকী ৰোগীৰ ultra sound কৰিব পৰা গৈছিল । এতিয়াৰ পৰা দৈনিক ৩০০ গৰাকী ৰোগীৰ ultra sound কৰিব পৰা যাব ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, অহাবছৰ ফেব্ৰুৱাৰীত গুৱাহাটীত নিৰ্মাণ কৰি থকা চুপাৰ স্পেচিলিটি হাস্পাতালখন (Super speciality hospital) মুকলি কৰা হ'ব । এই হাস্পাতালখনত Nerulogy আৰু Cardiology ৰ বিশেষ বিভাগ থাকিব । তেওঁ জনায় যে, হাস্পাতালত মানুহে শীঘ্ৰে অনলাইন(online) ব্যৱস্থাৰে হাস্পতালৰ চিকিৎসকৰ appointment ল'ব পৰা ব্যৱস্থা কৰা হ'ব । লগতে শীঘ্ৰে হাস্পাতালত নমুনা পৰীক্ষাৰ ব্যৱস্থাটো ক্ষীপ্ৰ আৰু উন্নত কৰা হ'ব ।

লগতে পঢ়ক :লগত যুৱতী লৈ নাচি-বাগি চিকিৎসা কৰিলে বেজে !

ABOUT THE AUTHOR

...view details