গুৱাহাটী, 4 নৱেম্বৰ :শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ অসম সাহিত্য সভাৰ সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হয় ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা । ৰাইজৰ দলৰ 35 খন জিলা সমিতিৰ প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহকসকলে অংশগ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সভাখনত সভাপতিত্ব কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।
ৰাইজৰ দলৰ সাধাৰণ পৰিষদৰ এই সভাখনত দলৰ সংবিধানৰ নীতি অনুসৰি যোৱা 25 অক্টোবৰ তাৰিখে কৰ্ণধাৰ সমিতিয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ প্ৰস্তাৱ সৰ্বোচ্চ সাংবিধানিক সভাত উত্থাপন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু অলক নাথে । প্ৰথম অৱস্থাত দলৰ বহুকেইখন জিলা সমিতিয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল যদিও বহু আলোচনাৰ অন্তত এই প্ৰস্তাৱ প্ৰতিনিধিসকলে সংখ্যাগৰিষ্ঠতাৰে গৃহীত কৰে ।
ৰাইজৰ দলে নৱেম্বৰ মাহৰ মাজভাগৰ পৰা অসমৰ প্ৰতিখন গাঁও, চহৰ, বাগান তথা প্ৰতিটো অঞ্চল সামৰি এক গণ সংযোগ কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে । বিজেপিক পৰাভূত কৰি গণতন্ত্ৰ ৰক্ষাৰ বাবে ৰাইজৰ মাজত জনমত গঢ়াৰ লগতে উক্ত গণসংযোগ কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হ'ব বুলি সদৰী কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷