গুৱাহাটী, 11 ডিচেম্বৰ :নতুন দিল্লীত বুধবাৰে উন্মোচন কৰা হয় দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ (Former Chief Justice of India Ranjan Gogoi)ৰ আত্মজীৱনী 'Justice for the Judge' ৷ এই আত্মজীৱনীত বহু চৰ্চিত বিষয়ৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰসংগও সন্নিৱিষ্ট কৰা হৈছে । যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ সাংসদ গৌৰৱ গগৈয়ে (Reaction on Gaurav Gogoi on Ranjan Gogoi's Autobiography) ।
তেওঁ কয় যে, এটা গোচৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে ৰঞ্জন গগৈৰ পৰা ব্যক্তিগত সহায় বিচাৰিছিল বুলি গ্ৰন্থখনত উল্লেখ কৰা হৈছে । এইক্ষেত্ৰত তেওঁ দেশৰ মুখ্য ন্যায়াধীশ আৰু ৰাজ্যসভাৰ সাংসদ হিচাপে ৰঞ্জন গগৈৰ ৰেকৰ্ডৰ প্ৰসংগ উল্লেখ কৰে ।
ৰঞ্জন গগৈয়ে তৰুণ গগৈ জীয়াই থকাৰ সময়ত একো কথা উল্লেখ নকৰিলে বুলিও গৌৰৱ গগৈয়ে সদৰি কৰে ৷ লগতে তেওঁ কয় যে, যিমান অভিযোগ আনিলেও তৰুণ গগৈৰ প্ৰতি থকা ৰাইজৰ শ্ৰদ্ধা আৰু সন্মান সদায়ে অটুট থাকিব ।