অসম

assam

ETV Bharat / state

ৰূপজ্যোতি কুৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী গৌৰৱ গগৈৰ - বিধায়ক ৰূপজ্যোতি কুৰ্মী

শুকুৰবাৰে সাংসদ গৌৰৱ গগৈয়ে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিৰাপত্তাৰ প্ৰসংগক লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ এখন পত্র প্ৰেৰণ কৰে । পত্রযোগে তেওঁ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ আহ্বান জনায় ।

Gaurav Gogoi
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী সাংসদ গৌৰৱ গগৈৰ

By

Published : May 28, 2021, 4:13 PM IST

গুৱাহাটী, ২৮ মে': মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ লক্ষ্য কৰি বন্দুকধাৰী নগা দুৰ্বৃত্তই গুলীবৰ্ষণ কৰা ঘটনাই সৰ্বত্রে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা পৰে কংগ্ৰেছী বিধায়কগৰাকীৰ ।

এই ঘটনাৰ পাচতে বিধায়কগৰাকীৰ নিৰাপত্তাৰ প্ৰসংগক লৈ প্ৰশ্ন উত্থাপন হৈছে । ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে । শুকুৰবাৰে সাংসদগৰাকীয়ে বিধায়ক কুৰ্মীৰ নিৰাপত্তাৰ প্ৰসংগক লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ এখন পত্র প্ৰেৰণ কৰে । পত্রযোগে তেওঁ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ আহ্বান জনায় ।

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী সাংসদ গৌৰৱ গগৈৰ

তেওঁ কয় যে, বন বিভাগৰ লোক আৰু সাংবাদিকৰ এটা দলৰ সৈতে মৰিয়নিৰ দিচৈ বনাঞ্চলত হোৱা নগা লোকৰ বেদখল পৰিদৰ্শন কৰিবলৈ গৈছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী । দিচৈ ভেলী বনাঞ্চলত নগাই কেইবা হেক্টৰ বনভূমি ধ্বংস কৰি এখন নতুন গাঁও স্থাপন কৰিছে ।

নগা লোকৰ এই বেদখল পৰিদৰ্শন কৰিবলৈ বিধায়কগৰাকী গৈছিল যদিও নগা দুৰ্বৃত্তৰ দলে বিধায়কগৰাকীক লক্ষ্য কৰি ১৫ ৰ পৰা ২০ জাই গুলীচালনা কৰে । সেই সময়ত বিধায়কগৰাকীৰ নিৰাপত্তাৰ বাবে নিয়োজিত আছিল দুজন নিৰাপত্তাৰক্ষীৰ লগতে অসম আৰক্ষীৰ তিনিজন কনিষ্টবল ।

এক ভয়াৱহ আক্ৰমণৰ পৰা কোনোমতে বিধায়কগৰাকীৰ প্ৰাণ ৰক্ষা পৰিল বুলি উল্লেখ কৰি সাংসদ গগৈয়ে আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতি বিধায়কগৰাকীক অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰদানৰ আহ্বান জনায় ।

সুৰক্ষাৰ লগতে এগৰাকী জনপ্ৰতিনিধি হিচাপে অধিক দক্ষতাৰে নিজৰ দায়িত্ব পালনৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক কুৰ্মীৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ বাবে সাংসদ গগৈয়ে সঞ্চালক প্ৰধানৰ প্ৰতি আহ্বান জনায় । উল্লেখ যে, এই ঘটনাটোক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । মুখ্যমন্ত্রীয়েও বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে উচিত তদন্তৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক: ধিঙৰ দৈনিক বজাৰত ধোঁৱা চাঙত উঠিল ক’ভিড প্ৰট’কল

ABOUT THE AUTHOR

...view details