গুৱাহাটী,9 ডিচেম্বৰঃ লোকসভাত কেব উত্থাপিত হোৱাৰ পিছতেই অধিক তীব্ৰতৰ হৈছে প্ৰতিবাদৰ জোঁৱাৰ । সকলো স্তৰৰ প্ৰতিজন অসমীয়াই কেবৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে। সোমবাৰে ড৹ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰসমাজৰ উদ্যোগত অনুষ্ঠিত হয় ' আকৌ শৰাইঘাটলৈ' শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী । এই প্ৰতিবাদী কাৰ্যসূচীৰূপে ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা শৰাইঘাটলৈ উলিওৱা হয় এক জোঁৰ সমদল । এই সমদলত শিল্পী, সাহিত্যিক, সাংবাদিক তথা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰসমাজে অংশগ্ৰহণ কৰে ।
কেবৰ ভয়াৱহতা উল্লেখ কৰি ৰাইজক একগোট হৈ থাকিবলৈ আহ্বান জনালে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই।
তাৰোপৰি অসমীয়াৰ শেষ কথা কেব নামানো নামানো আৰু নামানো বুলি উল্লেখ কৰে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে ।