অসম

assam

By

Published : Sep 21, 2019, 9:57 PM IST

Updated : Sep 21, 2019, 11:11 PM IST

ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচনৰ গৰম বতাহ

24 ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ 2019-20 বৰ্ষৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ।  মুঠ ১৪ টা পদৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷

নিৰ্বাচৰ গৰম বতাহ গুৱাহাটী বিশ্ববিদ্যালয়ত

গুৱাহাটী, 21 চেপ্তেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বলিছে নিৰ্বাচনী বতাহ । নিৰ্বাচনকলৈ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীসকল । 24 ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব বিশ্ববিদ্যালয় স্নাতকোত্তৰ 2019-20 ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ । মুঠ ১৪ টা পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন । ইতিমধ্যেই বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে উপ-সভাপতিৰ পদত লক্ষ্যজিৎ দাস । বিশ্ববিদ্যালয়ত ছাত্ৰী সুৰক্ষা আৰু শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে সাধাৰণ সম্পাদকৰ পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছে হিমাদ্ৰী শৰ্মাই । সাধাৰণ সম্পাদকৰ লগতে কেইবাটাও পদত হ'ব ত্ৰিকোণীয় যুঁজ ।


ইফালে 24 চেপ্তেম্বৰত আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে ইতিমধ্যেই জয়ী হৈছে আছু সমৰ্থিত সাত প্ৰাৰ্থী । যাৰ বাবে ২৫ ছেপ্তেম্বৰত কেৱল উপ সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদৰ বাবেহে অনুষ্ঠিত হ'ব নিৰ্বাচন । ইয়াৰে উপ সভাপতি পদত অভিলাষা মহন্ত আৰু ৰেছমা খাতুনে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে সাধাৰণ সম্পাদকৰ পদৰ বাবে কাবেৰী কৃষ্ণা দাস আৰু ৰূপম কাশ্যম মহন্তই প্ৰতিদ্বন্দিতা আগবঢ়াইছে । উল্লেখযোগ্য যে, নিজৰ সমৰ্থিত প্ৰাৰ্থীক জয়ী কৰাৰ উদ্দেশ্যে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে সদৌ অসম ছাত্ৰ সন্থা, এন এছ ইউ আই, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আদি ছাত্ৰ সংগঠন ।

নিৰ্বাচৰ গৰম বতাহ গুৱাহাটী বিশ্ববিদ্যালয়ত
Last Updated : Sep 21, 2019, 11:11 PM IST

ABOUT THE AUTHOR

...view details