অসম

assam

আইআইটি গুৱাহাটীত ছাত্ৰী নিৰ্যাতন: শুদ্ধ তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন কৰাৰ আহ্বান

By

Published : Apr 5, 2021, 2:16 PM IST

ছাত্ৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আইআইটি গুৱাহাটীয়ে ৷ অভিযুক্ত ছাত্ৰ গৰাকীক শিক্ষানুষ্ঠান খনৰ পৰা বহিস্কাৰ কৰাৰ লগতে এই ঘটনা সন্দৰ্ভত অপ্ৰমাণিত তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনাইছে শিক্ষানুষ্ঠানখনে ৷

gauhati iit appeals media to do news on the basis of verified facts over the issue of sexual assault
আইআইটি গুৱাহাটীত ছাত্ৰী নিৰ্যাতন

গুৱাহাটী, 5 এপ্ৰিল: শিক্ষানুষ্ঠানৰ কেম্পাছৰ ভিতৰতে এগৰাকী ছাত্ৰীৰ ওপৰত চলা যৌন নিৰ্যাতনৰ ঘটনাক লৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজী, গুৱাহাটীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অপ্ৰমাণিত তথ্যৰ ভিত্তিত বিষয়টোক অধিক স্পৰ্শকাতৰ নকৰিবলৈ আহ্বান জনাইছে ৷

এক বিবৃতি যোগে আইআইটি, গুৱাহাটীয়ে জানিবলৈ দিয়ে যে, 4 এপ্ৰিলত অভিযুক্ত ছাত্ৰ গৰাকীক শিক্ষানুষ্ঠান খনৰ পৰা বহিস্কাৰ কৰা হয় ৷ বিবৃতিটোত শিক্ষানুষ্ঠানখনে উল্লেখ কৰিছে যে, ছাত্ৰী গৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলা অভিযোগৰ ভিত্তিত চলোৱা সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত তেওঁলোকে আৰক্ষীৰ সৈতে সহযোগ কৰিছে আৰু প্ৰাৰম্ভিক অৱস্থাত ছাত্ৰ গৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ প্ৰমাণিত হোৱাৰ পাছতে তেওঁক বহিস্কাৰ কৰা হৈছে ৷

অভিযুক্ত অন্য চাৰি গৰাকী ছাত্ৰক কেম্পাছৰ ভিতৰতে পৃথকে পৃথকে ৰখা হৈছে বুলি জানিবলৈ দিয়াৰ লগতে আভ্যন্তৰীণ অনুসন্ধান আৰু আৰক্ষীৰ তদন্তৰ সুবিধাৰ্থে কেম্পাছৰ ভিতৰতে ৰখা হৈছে বুলি বিবৃতিটোৰ জড়িয়তে শিক্ষানুষ্ঠানখনে জানিবলৈ দিছে ৷ এনেধৰণৰ ঘটনা প্ৰতিষ্ঠানখনৰ নিয়মৰ গুৰুতৰ উলংঘন বুলি আখ্যা দিয়াৰ লগতে এই কাৰ্যক নিন্দা কৰি ভৱিষ্যতে এনে কাৰ্যক প্ৰতিহত কৰাৰ উদ্দেশ্যে বৰ্ধিত সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থা হাতত লৈছে বুলি বিবৃতিটোৰ জৰিয়তে শিক্ষানুষ্ঠানখনে জানিবলৈ দিয়ে ৷

একাংশ সংবাদ মাধ্যমে চিকিৎসালয়ৰ পৰা ছাত্ৰী গৰাকীক অব্যাহতি দিয়াক লৈ সমগ্ৰ বিষয়টো সন্দৰ্ভত অপ্ৰমাণিত বাতৰি উপস্থাপন কৰা বুলি অভিযোগ কৰাৰ লগতে শিক্ষানুষ্ঠানখনে চিকিৎসালয়ৰ সকলো নীতি-নিয়ম মানি চলিছে বুলি বিবৃতিটোত কোৱা হৈছে ৷ এনে বাতৰি পৰিৱেশন অতিশয় স্পৰ্শকাতৰ হিছাপে আখ্যা দি শিক্ষানুষ্ঠানখনে বিবৃতিটোৰ জড়িয়তে সকলোকে শুদ্ধ তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন কৰিবৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক:আই আই টি গুৱাহাটীত ছাত্ৰী নিৰ্যাতনৰ অভিযোগ

ABOUT THE AUTHOR

...view details