গুৱাহাটী, 22 জানুৱাৰী :অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ(Excluding language paper in APSC) কৰাৰ বিষয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত শুকুৰবাৰে এক শুনানি গ্ৰহণ কৰা হয় ৷ অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ বিষয়ত গুৱাহাটী ন্যায়ালয়ত শুকুৰবাৰে এক শুনানি গ্ৰহণ কৰা হয় ।
উল্লেখ্য যে, অধিবক্তা সিদ্ধাৰ্থ শৰ্মাই অসম লোকসেৱা আয়োগৰ ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৮৩/২০২১ নম্বৰত এক ৰাজহুৱা স্বাৰ্থজনিত গোচৰ তৰিছিল (PIL against excluding language paper in APSC) ৷
এই গোচৰৰ সম্পৰ্কত গুৱাহাটী ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সুমিত্ৰ শইকীয়াৰ বিচাৰপীঠে এক শুনানি গ্ৰহণ কৰে । শুনানিত গোচৰীয় পক্ষৰ পৰা অধিবক্তা কমল নাৰায়ণ চৌধুৰী আৰু চৰকাৰী পক্ষৰ পৰা মহাধিবক্তা আৰু অসম লোকসেৱা আয়োগৰ ষ্টেডিং কমিটিৰ তন্ময়জ্যোতি মহন্ত উপস্থিত আছিল । গুৱাহাটী ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সুমিত্ৰ শইকীয়াৰ বিচাৰপীঠে দুয়ো পক্ষৰ বক্তব্য শুনে । আদালতে পৰৱৰ্তী সোমবাৰে চূড়ান্ত ৰায় দিয়াৰ বাবে দিন ধাৰ্য কৰিছে ।
লগতে পঢ়ক :Uddhab Bharali sent to judicial custody: কাৰাগাৰলৈ নিক্ষেপ পদ্মশ্ৰী উদ্ধৱ ভৰালীক