অসম

assam

By

Published : Jul 25, 2023, 2:17 PM IST

ETV Bharat / state

SI Exam scam 2020 : এছ আই কেলেংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণৰ জামিন মঞ্জুৰ

নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ জামিন মঞ্জুৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে জামিন মঞ্জুৰ কৰে । 2020 চনৰ 15 অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল কুমাৰ সঞ্জীত কৃষ্ণ ।

Gauhati HC Grants Bail to Kumar Sanjit Krishna
এছ আই কেলেংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণ

গুৱাহাটী, 25 জুলাই :তিনিবছৰ পূৰ্বে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) নিযুক্তি কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ অৱশেষত জামিন মঞ্জুৰ হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ জামিন মঞ্জুৰ কৰে । অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) নিযুক্তি কেলেংকাৰীত অভিযুক্ত আছিল কুমাৰ সঞ্জীত কৃষ্ণ ।

2020 চনৰ 15 অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল কুমাৰ সঞ্জীত কৃষ্ণ । উল্লেখ্য যে, অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) নিযুক্তি কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত তথা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই ইয়াৰ পূৰ্বে কেবাবাৰো আদালতত জামিন বিচাৰি মুখ ঠেকেচা খাইছিল । লক্ষণীয় যে, অসম আৰক্ষীয়ে দাখিল কৰা কেছ ডায়েৰীৰ‌ বাবে আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ জামিন আৱেদন আদালতত নাকচ হৈ আহিছিল ।

ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ তথা অসম আৰক্ষীৰ নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰ লগতে প্ৰায় এক ডজন লোক জড়িত আছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) নিযুক্তিৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত । ইতিমধ্যে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কেচ ডায়েৰীত উল্লেখ থকা মতে 2020 চনত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰাই অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) নিযুক্তিৰ প্ৰশ্ন কাকত ফাদিল হৈছিল ।

সেই সময়ত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল কুমাৰ সঞ্জীত কৃষ্ণ । এই প্ৰশ্নকাকত প্ৰস্ততৰ দায়িত্বত থকা অক্ষয় টেলি কমিউনিকেশ্যনৰ ৰুবুল হাজৰিকাও গ্ৰেপ্তাৰ হৈছিল । অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কেচ ডায়েৰীত উল্লেখ থকা মতে 40 লাখ টকাৰ বিনিময়ত ৰুবুলক প্ৰশ্নকাকতৰ ফটো মাৰি লোৱাৰ অনুমতি দিছিল সঞ্জীতে । সেই ফটো দিবন ডেকালৈ ৱাটচ এপযোগে ৰুবুল হাজৰিকাই প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক :APSC Scam : এ পি এছ চি কেলেংকাৰীৰ 2014 বৰ্ষৰ প্ৰতিবেদন দাখিলৰ বাবে সাজু তদন্ত আয়োগ

ABOUT THE AUTHOR

...view details