অসম

assam

ETV Bharat / state

Assam Anti CAA Protest: আকৌ কাৰাগাৰালৈ যাবলৈ সাজু বিধায়ক অখিল গগৈ - Anti CAA protest

‘কা’ বিৰোধী আন্দোলনৰ (Assam Anti CAA protest) গোচৰত পুনৰ কাৰাগাৰলৈ যাব লাগিব নেকি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ (MLA Akhil Gogoi) ? 23 ফেব্ৰুৱাৰীত অখিল গগৈক নিয়া (NIA) আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হোৱাৰ কথা অখিল গগৈয়ে নিজেই সদৰী কৰিছে সামাজিক মাধ্যমত ৷

Assam Anti CAA Protest
আকৌ কাৰাগৰালৈ যাবলৈ সাজু বিধায়ক অখিল গগৈ

By

Published : Feb 11, 2023, 10:28 AM IST

গুৱাহাটী, 11 ফেব্ৰুৱাৰী: CAA বিৰোধী আন্দোলনৰ নেতৃত্ব লৈ 1 বছৰ 7 মাহ কাৰাবাস খটা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ পুনৰ কাৰাগাৰলৈ যাবলৈ মানসিকভাৱে প্ৰস্তুত হৈছে ৷ ( MLA Akhil Gogoi) ৷ শুকুৰবাৰে সামাজিক মাধ্যমযোগে কাৰাগাৰলৈ যাবলৈ সাজু হোৱাৰ কথা ৰাজহুৱাকৈ ব্যক্ত কৰিছে বিধায়কজনে । ‘কা’ বিৰোধী আন্দোলনৰ (Assam CAA protest) সময়ত অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে NIA য়ে ৰুজু কৰিছিল গোচৰ ৷

আটাইকেইজনেই NIAৰ 121/2021 গোচৰত কাৰাবন্দী হ’ব লগা হৈছিল (Akhil Gogoi Jailed) ৷ সেই সময়ত হাতত হেণ্ডকাফ লগাই আদালতলৈ অনা হৈছিল অখিল গগৈক। বাকী কেইগৰাকীয়ে কেইবামাহৰ মূৰত জামিন লাভ কৰিলেও অখিল গগৈয়ে 1 বছৰ 7 মাহ কাৰাবন্দী হ’ব লগা হৈছিল । আনকি 2021ৰ বিধানসভা নিৰ্বাচনত কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দিতা কৰা অখিল গগৈক শিৱসাগৰৰ বিধায়ক নিৰ্বাচন কৰিছিল সমষ্টিটোৰ ৰাইজে (Sivsagar MLA Akhil Gogoi) ৷

বিধায়ক হোৱাৰ পাচতহে NIA আদালতে অখিল গগৈক অভিযোগমুক্ত ঘোষণা কৰাত কাৰাবন্দী জীৱনৰ অৱসান ঘটিছিল ৷ কিন্তু এয়া যেন সাময়িক জে’লমুক্ত জীৱন আছিল অখিল গগৈৰ ৷ অখিল গগৈৰ কাৰামুক্ত হোৱাটো সন্মানৰ প্ৰশ্ন হৈ পৰিছিল কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ বাবে । সেয়ে, সেইটো গোচৰৰ NIA আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই NIA কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ (NIA charge sheet against Akhil Gogoi)। শেহতীয়াভাৱে নিয়া আদালতে দিয়া ৰায়দান নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

আকৌ কাৰাগাৰালৈ যাবলৈ সাজু বিধায়ক অখিল গগৈ

উল্লেখযোগ্য যে, নিয়া আদালতে উক্ত গোচৰত অখিল গগৈসহ আটাইকেইজনকে অভিযোগমুক্ত কৰিছিল । অহা 23 ফেব্ৰুৱাৰীত তাৰিখে অখিল গগৈক নিয়া আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । উক্ত গোচৰত জামিনৰ বাবে অখিল গগৈয়ে নতুনকৈ জামিন আবেদন কৰিব লাগিব ৷ যদিহে নিয়া আদালতৰ পৰা 23 ফেব্ৰুৱাৰীত জামিন লাভ নকৰে তেনেহ’লে সেইদিনাই পুনৰ কাৰাগাৰলৈ যাব লাগিব তেঁও ৷

শুকুৰবাৰে সন্ধিয়া সামাজিক মাধ্যমত অখিল গগৈয়ে লিখিছে, ‘‘কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছো ৷ আমাৰ বিৰুদ্ধে ‘কা’ বিৰোধী আন্দোলনৰ (Anti CAA protest) ‘নিয়া’(NIA)ৰ গোচৰটো পুনৰ আৰম্ভ হ’ল । NIAৰ আপীলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা 9 ফেব্ৰুৱাৰীত গোচৰটো পুনৰাম্ভ কৰিবলৈ নিৰ্দেশ দিছে । তথ্য-প্ৰমাণসহ ‘নিয়া’ৰ অভিযোগ প্ৰমাণিত নোহোৱাত যোৱা 1 জুলাই 2021 তাৰিখে এই গোচৰটোৰ পৰা মোক আৰু মোৰ সতীৰ্থসকলক ‘নিয়া’ আদালতে সম্পূৰ্ণ মুক্ত কৰি দিছিল ।’’

লগতে তেওঁ উল্লেখ কৰিছে, ‘‘চৰকাৰে মোৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিলে; কাৰণ মই দৃঢ়তাৰে বিজেপি চৰকাৰ বিৰোধী অৱস্থান অব্যাহত ৰাখিলোঁ । এতিয়া মই 23 ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব । বোধহয় সিদিনাই মই পুনৰ কাৰাগাৰলৈ যাব লাগিব । আগৰবাৰ ‘কা’ বিৰোধী এই গোচৰত 1 বছৰ 7 মাহ জে’লত আছিলো, এইবাৰ কিমান দিন জে’লত থাকিব লাগিব নাজানো । আপোনালোক আটাইৰে পৰা এই সংকটৰ সময়ত আশীৰ্বাদ বিচাৰিলোঁ ।’’

ইয়াৰোপৰি তেওঁ কয়, ‘‘আপোচ নকৰাই মোৰ একমাত্ৰ অপৰাধ । মোক আপোচৰ অনেক প্ৰস্তাৱ দিয়া হৈছিল; সকলোবোৰ মই দৃঢ়তাৰে নাকচ কৰিছিলো । মই জনগণ, জাতি আৰু দেশক বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ । বিশ্বাসঘাতকতা মোৰ তেজত নাই । সাম্প্ৰদায়িক ফেচিবাদীহঁতৰ সৈতে মই আপোচ কৰিব নোৱাৰোঁ । তাতকৈ জে’লৰ জীৱনকে মই বাচি লৈছো । দৰকাৰ হ’লে ওৰে জীৱন কাৰাগাৰতে কটাম; কিন্তু জাতিক বিশ্বাসঘাটকতা নকৰোঁ। জয় আই অসম । ইনকিলাব জিন্দাবাদ ।’’ কিন্তু এই সমগ্ৰ বিষয় 23 ফেব্ৰুৱাৰীতহে স্পষ্ট হ’ব ৷

লগতে পঢ়ক: Bhabesh Kalita Slams congress: এইবাৰ ধুবুৰী সহিতে 14 খন আসনেই পাব বিজেপিয়ে; ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details