গুৱাহাটী, ৩১ অক্টোবৰ :ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান (anti drugs drive in Assam) । কিন্তু তাৰ মাজতো কমা নাই নিচাযুক্ত দ্ৰৱ্যৰ চোৰাং সৰবৰাহ । ৰাজ্যৰ বিভিন্ন ঠাইত নিতৌ জব্দ কৰা হৈছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছজাতীয় সামগ্ৰী । লগতে আটক হৈছে ড্ৰাগছ সৰবৰাহকাৰীও । তাৰে মাজতে গুৱাহাটী ৰে'ল ষ্টেচনত সোমবাৰে জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জা (ganja seized at Guwahati railway station) ।
নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় এই নিষিদ্ধ গাঞ্জাখিনি । এক গোপন সূত্ৰৰ ভিত্তিত ৰে'ল আৰক্ষীয়ে অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে ১০৩ কিলগ্ৰাম গাঞ্জা ৷ সৰবৰাহকাৰীয়ে উক্ত গাঞ্জাখিনি ডিমাপুৰৰ পৰা নিউ জলপাইগুৰিলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল । আনহাতে, ৰে'ল আৰক্ষীয়ে গাঞ্জাসহ আটক কৰে মহিলাসহ ৪ জনকৈ সৰবৰাহকাৰীক (railway police detained 4 ganja paddlers) ।
ধৃত সৰবৰাহকাৰীকেইজন হৈছে ক্ৰমে কলকাতাৰ পূজা ৰাজভৰ, যমুনা সাহা, সন্দীপ দাস আৰু সুমন দাস । গুৱাহাটী ৰে'ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিত দাসে এই সন্দৰ্ভত তথ্য প্ৰদান কৰি কয় যে, সোমবাৰে পুৱা প্ৰায় ৬.৪৫ বজাত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলোৱা হয় ।