গুৱাহাটী, ৪ নৱেম্বৰ : ইতিমধ্যে আঞ্চলিকতাবাদ, জাতীয়তাবাদ আদি বিসৰ্জন দি বিজেপিৰ কোলাত উঠা অসম গণ পৰিষদৰ বাবে এতিয়া অঘোষিত অভিভাৱক হৈছে বিজেপি । বিজেপিৰ শ্ৰুতলিপিতে এতিয়া অগপ উঠা বহা কৰিবলৈ বাধ্য । আনকি আগন্তুক বিধানসভা নিৰ্বাচনতো বিজেপিক নোসোধাকৈ অগপৰ বহু জ্যেষ্ঠ নেতা এতিয়াও নিজৰ প্ৰাৰ্থিত্ব সম্পৰ্কে নিশ্চিত হ’ব পৰা নাই । অগপই ইতিমধ্যে ঘোষণা কৰি থৈছে যে ৰাজ্যৰ কমেও ৮৪ টা সমষ্টিত বিভিন্ন সময়ত অগপৰ প্ৰাৰ্থী জয়ী হৈছিল । গতিকে এই ৮৪ টা সমষ্টি এইবাৰ অগপই বিশেষভাৱে বাছি উলিয়াইছে আৰু সেইকেইটা সমষ্টি পুনৰ নিজৰ দখললৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
কিন্তু কাৰ্যতঃ প্ৰকৃত ছবিখন মুঠেও তেনেকুৱা নহয় । ৮৪ টা সমষ্টিৰ কথা অগপ নেতৃত্বই ৰাজহুৱাকৈ কৈ থাকিলেও আচলতে ৪০ টা সমষ্টিতহে অগপই তৎপৰতা আৰম্ভ কৰিছে আৰু লক্ষ্য হিচাপে ধৰি লৈছে । এই ৪০ টা সমষ্টিৰ ভিতৰত আধাতকৈও কম সংখ্যক আসনহে বিজেপিয়ে অগপক এৰি দিয়াৰ সম্ভাৱনা আছে ২০২১ ৰ নিৰ্বাচনত ।