গুৱাহাটী, ৩ ডিচেম্বৰ: কিডনীৰ অসুখত ভুগি থকা ৰাজ্যৰ হাজাৰ হাজাৰ ৰোগীৰ বাবে সুখবৰ । কিয়নো অসমত এতিয়াৰে পৰা বিনামূলীয়া হ’ব ডায়েল'ছিছ সেৱা । কিডনীজনিত ৰোগত আক্ৰান্ত লোকৰ জীৱন লগৰীত পৰিণত হোৱা ডায়েল'ছিছ বিনামূলীয়া হ’লে ৰাজ্যৰ কিডনী ৰোগী সকল নিশ্চিতভাৱে উপকৃত হ’ব(Dialysis will be free in Assam) ।
বিষয়টো সন্দৰ্ভত অসম চৰকাৰৰ চিকিৎসা সেৱা সঞ্চালক ডাঃ অনুপ বৰ্মনে জানিবলৈ দিয়া মতে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে ( এন এইছ এম ) ২০১৬ চনত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী নেশ্যনেল ডায়েল'ছিছ প্ৰগ্ৰাম চমুকৈ পি এম এন ডি পি আঁচনিৰ অধীনত এই বিনামূলীয়া সেৱা উপলব্ধ কৰা হৈছে । প্ৰথম পৰ্যায়ত জিলা চিকিৎসালয়ত এই সেৱা আজিৰে পৰা আৰম্ভ কৰা হৈছে ।
গুৱাহাটীত উত্তৰ পূবৰ বাবে থকা আঞ্চলিক সম্পদ কেন্দ্ৰত আজি আয়োজিত এক পৰামৰ্শ বিষয়ক গুৰুত্বপূৰ্ণ বৈঠকত এই ঘোষণা কৰা হয় । বৈঠকত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ যুটীয়া সচিব বিশাল চৌহানে ভাগ লৈ এই আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্যে সন্দৰ্ভত আলোকপাত কৰে ৷