অসম

assam

ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে গুৱাহাটীত মুকলি বিনামূলীয়া আধাৰ কেন্দ্ৰ - আধাৰ পঞ্জীয়ন ব্যৱস্থা

ৰাজ্যৰ সকলো শ্ৰেণীৰ বিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্র-ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আধাৰ কাৰ্ডৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ হাতত লৈছে। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ দৰে সোমবাৰে কামৰূপ মহানগৰ জিলাত কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া আধাৰ কেন্দ্ৰ মুকলি কৰা হয় ৷ কামৰূপ মহানগৰ জিলাৰ উপাযুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত শিক্ষা বিভাগৰ মুখ্য সচিব তথা সমগ্ৰ শিক্ষা মিচন অসমৰ সঞ্চালক বি কল্যাণ চক্ৰৱৰ্তীয়ে মুকলি কৰে আধাৰ কেন্দ্ৰটো।

as_ghy_01_Free_Aadhaar_Center_in_Guwahati_Vis_10028
ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থ গুৱাহাটীত মুকলি বিনামূলীয়া আধাৰ কেন্দ্ৰ

By

Published : Nov 9, 2020, 4:14 PM IST

গুৱাহাটী, ৯ নৱেম্বৰঃসম্প্ৰতি প্ৰয়োজনীয় নথি হিচাপে বিবেচিত হোৱা আধাৰ কাৰ্ডৰ বাবে ৰাজ্যৰ আধাৰ কেন্দ্ৰসমূহত ৰাইজৰ অভাৱনীয় ভিৰ হোৱা পৰিলক্ষিত হৈ আহিছে ৷ তেনে সময়তে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

ৰাজ্যৰ সকলো শ্ৰেণীৰ বিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্র-ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আধাৰ কাৰ্ডৰ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ হাতত লৈছে। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ দৰে সোমবাৰে কামৰূপ মহানগৰ জিলাত কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া আধাৰ কেন্দ্ৰ মুকলি কৰা হয় ৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত শিক্ষা বিভাগৰ মুখ্য সচিব তথা সমগ্ৰ শিক্ষা মিচন অসমৰ সঞ্চালক বি কল্যাণ চক্ৰৱৰ্তীয়ে মুকলি কৰে আধাৰ কেন্দ্ৰটো।

ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থ গুৱাহাটীত মুকলি বিনামূলীয়া আধাৰ কেন্দ্ৰ

উল্লেখ্য যে,কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী শিক্ষা খণ্ড,ডিমৰীয়া শিক্ষা খণ্ড আৰু প্ৰাগজ্যোতিষপুৰ শিক্ষা খণ্ডতো সমান্তৰালভাৱে আধাৰ পঞ্জীয়ন সোমবাৰে পৰা আৰম্ভ হৈছে। তিনিওটা শিক্ষা খণ্ডৰ অন্তর্গত সমূহ সমল কেন্দ্রৰ জৰিয়তে পর্যায়ক্রমে সকলো বিদ্যালয়ৰে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈ (৬-১৮ বছৰৰ) সমূহ শিক্ষার্থীৰে আধাৰ পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷তদুপৰি,জিলা আঁচনি বিষয়া তথা আধাৰ নডেল বিষয়া ৰংমিলন আহমেদক আধাৰ পঞ্জীয়ন ব্যৱস্থা তথা পৰিচালনাৰ দায়িত্ব অৰ্পন কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

লগতে পঢ়কঃহীৰেন গোঁহাই প্ৰমুখ্যে বাওঁপন্থী বুদ্ধিজীৱীৰ বিৰুদ্ধে NIA নিয়োগৰ আহ্বান

ABOUT THE AUTHOR

...view details