গুৱাহাটী, 8 অক্টোবৰ :বামুনিমৈদাম ৰেলৱে কলনীৰ আবাসিক এলেকাৰ বাসিন্দা তথা ৰেল বিভাগৰ কৰ্মচাৰী আৰতি হৰিজনৰ ঘৰত ভৰ দুপৰীয়া ওলাল আহি দুজনকৈ লোক ৷ নিজকে পৰিচয় দিলে পতঞ্জলীৰ কৰ্মচাৰী বুলি । প্ৰথমে পতঞ্জলীৰ সামগ্ৰী ব্যৱহাৰ সন্দৰ্ভত শোধ পোচ কৰি লোক দুজনে মহিলা গৰাকীৰ ভৰিত থকা পায়েল জোৰ পৰিষ্কাৰ কৰি দিয়ে ৰাসায়নিক দ্ৰব্যৰে ।
গহনা চাফ কৰিবলৈ আহি সকলো চাফা কৰি লৈ গ’ল প্ৰৱঞ্চকে ইয়াৰ পিছতে বিশেষ কায়দাৰে হিন্দী ভাষী লোক দুজনে মহিলাগৰাকীৰ পৰা দুডাল সোণৰ চেইন, তিনিটা সোণৰ হাতৰ আঙুঠি, দুজোৰ সোণৰ কাণফুলি এটা বাটিত ৰাখিবলৈ দি চাফ চিকুণ কৰে । কেৱল ইমানেই নহয় অধিক ৰাসায়নিক দ্ৰব্য সংমিশ্ৰণ কৰি 15 মিনিটৰ বাবে বাটিটো ফ্ৰীজত ৰাখিবলৈকো পৰামৰ্শ দিয়ে লোক দুজনে ।
কথা মতেই কাম, মহিলাগৰাকীয়েও বিশেষ নভৱাকৈ অলংকাৰ থকা বাটিটো ফ্ৰীজত ভৰাই থৈ দিলে । কিন্তু, ইয়াৰ মাজতে কৌশলেৰে ঘটনাস্থলীৰ পৰা আতৰি যায় লোক দুজন । 15 মিনিট পিছত আৰতি হৰিজনে বাটিটো ফ্ৰীজৰ পৰা উলিয়াই আনিলে ৷ পিছে এইবাৰ বাটি দেখি হতবাক হ’ল মহিলা গৰাকী , কিয়নো বাটিটোত নাছিল এপদো গহনা ৷
ইয়াৰ লগে লগে ভুক্তভোগী মহিলাগৰাকীয়ে গীতানগৰ আৰক্ষী থানাত উপস্থিত হৈ এই সন্দৰ্ভত দাখিল কৰে এখন এজাহাৰ । ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই মূহুৰ্তলৈকে কোনো লোককেই আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । শাৰদীয় দুৰ্গা পূজাৰ গইনা লৈ মহানগৰীত এইদৰেই এতিয়া প্ৰৱেশ কৰিছে ঠগ প্ৰবঞ্চকৰ বিভিন্ন দলে । দুৰ্গা পূজাৰ প্ৰাক মূহুৰ্তত বিশেষ কায়দাৰে প্ৰৱঞ্চকৰ দলটোৱে আ-অলংকাৰ, সা-সম্পত্তি লৈ উধাও হোৱা ঘটনা দেখাৰ পিছত এতিয়া অচিন কাঠৰ থোৰা ব্যৱহাৰ কৰাৰ আগত আপুনিও হওক সাৱধান ৷
লগতে পঢ়ক :ক’ত নিৰ্মাণ হৈছে 100 উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি ?