গুৱাহাটী, 26 আগষ্ট: COVID-19ত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তৰুণ গগৈ ৷ এই বিষয়ে তেওঁ সকলোকে অৱগত কৰে নিজৰ টুইটাৰযোগে ৷ মঙলবাৰে নিশা স্বাব পৰীক্ষাৰ ফলাফলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ দেহত COVID-19 ৰ অৱস্থিত ধৰা পৰে ৷
COVID-19ত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ - তৰুণ গগৈ
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তৰুণ গগৈ আক্ৰান্ত COVID-19ত ৷ সম্প্ৰতি তেওঁক প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
৯০ বছৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী তেওঁৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহতে চিকিৎসাধীন হৈ আছিল আৰু বিশেষজ্ঞ চিকিৎসকৰ দলে তেওঁৰ চিকিৎসা অব্যাহত ৰাখিছিল যদিও, সম্প্ৰতি তেওঁক প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ৷
লগতে পঢ়ক:ফেচবুকত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাক ভাবুকি প্ৰদান
Last Updated : Aug 26, 2020, 6:29 PM IST